অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

মই সপোন পুৰীৰ ৰূপকুঁৱৰী


মই সপোন পুৰীৰ ৰূপকুঁৱৰী
হাতত মৃণালৰে খাৰু
কানত পদুমৰে কেৰু
পখিলীৰ সতে মই ৰঙা ৰঙা পাখিৰে
মলয়াত উৰি ফুৰোঁ ৷৷

হাতত মৃণালৰে খাৰু
কানত পদুমৰে কেৰু ৷
ৰামধেনু ৰঙেৰে ৰিহাৰ আঁচলৰে
সগৰৰ মুকুতা আনো
পুৱাৰ সূৰুযৰ ৰঙা ৰদখিনি লৈ
ঊষাক ৰাঙলী কৰোঁ ৷

অপৰূপ জগতৰ ৰজাৰ কোঁৱৰ
সূৰুযৰ সতে আহি
কাণে কাণে কৈ যায়
তুমি মোৰ, তুমি মোৰ, তুমি মোৰ বুলি,
হাতত মদনৰে বেণু ৷৷

(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: