অনুসন্ধান আকাংক্ষাত

Sunday, October 27, 2019

ফাগুনে আনিলে ফুলৰ শৰাই

পুৰুষঃ- অ...... অ........ অ...
            অ...... অ........ অ...

পুৰুষঃ - ফাগুনে আনিলে ফুলৰ শৰাই
নাৰীঃ-    মন যে পখিলা উৰাদি উৰি যায়
পুৰুষঃ - তোমালৈ বাট
নাৰীঃ-    চাই চাই
পুৰুষঃ -  ফাগুনৰ দিন
নাৰীঃ-     যায় যায়
পুৰুষঃ -  নেজানো আহে কিয় ফাগুনৰ দিন
নাৰীঃ-     ময়ো যে নেজানো
পুৰুষঃ -  মন কিয় স্বপ্ন ৰঙীন
নৰীঃ-      মইও যে নেজানো
পুৰুষঃ -  আহি কৰেনো নিলাজী নিলাজী
নাৰীঃ-     মলয়া বায়
পুৰুষঃ -  লাজৰে ওৰণি  দিলে গুছায়

পুৰুষঃ -   ক'বানে মন লিপিত
              লিখিলা নাম কাৰ 2
নাৰীঃ-      তোলৈ মন নদী মৃদু মধু জোঁৱাৰ
পুৰুষঃ -    ৰামধেনু ৰঙে পিন্ধালে মণিহাৰ 2
               পিন্ধালে মণিহাৰ
নাৰীঃ-       আজি কাষতে চিনাকি চিনাকি
               জনকে পায়
পুৰুষঃ-   কিনো আবেগে যাঁচিছে প্ৰাণৰ শৰাই

নাৰীঃ -      ক্ষতি কি মন যদি চঞ্চলৱলী হয়
পুৰুষঃ-     গুণ গুণ গীতেৰে
               তোমাক সাৱতি লয়
পুৰুষ +নাৰীঃ- (ক্ষণিকৰ এই লগন
                    যদি  হয় মধুময়) 2
                    যদি হয় মধুময়
পুৰুষঃ -     সৌ জুৰিয়ে নিজৰি নিজৰি নিজৰি                   দিলে জনাই
নাৰীঃ-        এই জীৱন ও মৰমৰ তুলনা নাই
পুৰুষ+নাৰীঃ- ফাগুনে আনিলে ফুলৰ শৰাই
                    ৰু...... ৰু.... ৰু....
                    লা..... লা..... লা....
-
কণ্ঠঃ        দ্বিপেন বৰুৱা আৰু বনশ্ৰী সেনগুপ্ত
বোলছবিঃ আদালত
ইউনিক'ড ৰূপান্তৰঃ অৰ্পনা প্ৰীতি গগৈ 

No comments: