পুৰুষঃ-[এদিন ঢল পুৱাতে কাউৰীয়ে কা কৰাৰ পৰতে
কুঁৱলী ফালি ক’লেহি এজাক বতাহে,
“মনত পৰেনে সৌ দূৰ পাহাৰ শিখৰতে
শিহৰণ তোলা দুটি আত্মাৰ কৰুণ কাহিনী ?”]
নাৰীঃ- (সোণবৰ নাহিবি তই
মোৰ যে লাগিছে ভয়)← ২
সোণবৰ নাহিবি তই
ফুল ভাল মানুহে কয়
সোণবৰ নাহিবি তই ←২
মোৰ যে লাগিছে ভয়
সোণবৰ নাহিবি তই
-
পুৰুষঃ-(কিয়নো ভাবিছ তই
মই দুৰ্বল মানুহ নহয়)←২
কিয়নো ভাবিছ তই
বুবু বাবা মানুহবোৰৰ
গছকি গছকি যাম
কিয়নো ভাবিছ তই
-
[সিদিনা
নিঃপালি দিছিল যেতিয়া দিনান্তৰ লৌকিক কোলাহল,
স্বৰ্গীয় সুখ নিজৰাত
বিহ ঢালি দিয়া চাওদাঙহঁতে
লালকাল দিছিল মাতাল
উত্তালত ;
নিস্তেজ হৈ পৰিছিল জোন
।
তৰাবচা আকাশত কুঁৱলিও
হৈ সৰিছিল নিয়ৰৰ ফুল ,
সৰল গছবোৰে উদং হৈ ওৰে
ৰাতি গা ধুইছিল ।
টুপ টুপ কৰি চুলিৰ
আগেৰে সৰিছিল সময়...]
-
(যদি প্ৰেম স্বৰ্গীয় হয়
অনুনয় বিনয় নহয়)←২
কাৰ আদেশৰ দাসী হৈ তই
দুহাতত গণিছ সময়
কিয়নো ভাবিছ তই
আমি দুৰ্বল মানুহ নহয়
কিয়নো ভাবিছ তই
আমি দুৰ্বল মনৰ নহয়
কিয়নো ভাবিছ তই
নাৰীঃ- (যদি প্ৰেম যুগমীয়া হয়
মোহময় আবেশ নহয়)←২
মৰণ আশীষ মই মূৰ পাতি লৈ
নেওচিম ঘূৰ্ণি প্ৰলয়
(কিয়নো ভবিছ তই
ময়ো দুৰ্বল মনৰ নহয়)←২
পুৰুষঃ- [আৰু সেয়ে এদিন মাজ নিশাতে]
(খিৰিক্ কৰি তই খিৰিকি খুলি
দিছিলি হাতখিনি মোলৈ বঢ়ায়)←২
আথেবেথে
হৃদয়ৰ চুমাটি যাঁচি
চিৰ মুকুতিৰ বাণি দিছিলোঁ শুনায়..
(আৰু যে নেভাবোঁ মই
হ’ল যে যোৱাৰ সময়)←২
নাৰীঃ- (সোণবৰ আহিলি তই
জিনিলোঁ ভয় সংশয়)←২
সোণবৰ আহিলি তই
আই বোপাই আৰু অন্ধ সমাজ
সকলোকে ইয়াতে থৈ
তোৰ স’তে যামগৈ মই
(আৰু যে নাভাৱোঁ মই
হ’ল যে যোৱাৰ সময়)←২
পুৰুষঃ-[উচপিচনিৰে সন্ধ্যা নামিছিল সিদিনা,
হাতত সাৰে ভৰিত সাৰে সাৱতি ল’লে জলাশয়ে
দুটি কুমলীয়া দেহক ।
দুটি মৌপিয়া প্ৰাণ শীতল পৰিল সিহঁতৰ উমাল বুকু ,
নাজানিলোঁ ; দুটি জীৱনৰ সলীল
সমাধিয়ে
খুলিলে নে সমাজৰ চকু !]
-
ভূপেন হাজৰিকা
আৰু দিপামণি বৈশ্যৰ দ্বৈত কণ্ঠেৰে নিগৰিত গীত ।
ইউনিক’ড ৰূপান্তৰঃ- অৰ্পনা প্ৰীতি গগৈ আৰু দিগন্ত শইকীয়া
No comments:
Post a Comment