অনুসন্ধান আকাংক্ষাত

Saturday, September 28, 2019

তিলকা হেনো তোৰ তামোলৰ ডাবি

সাহিত্যৰ সকলোতে হাত দিয়াৰ বাবে লক্ষ্মীনাথে কি কি সাহিত্য ৰচনাতো হাত দিছিল, অৱশ্যে সুকীয়াভাৱে কোনো গীত নিলিখিলেও কৱিতা হয় যদি হওঁক নহয় যদি নহওঁক বুলি লিখা একমাত্ৰ কবিতা পুথি 'কদমকলি'ত একুৰি গীতৰ সন্নিৱিষ্ট উল্লেখযোগ্য। কদমকলিৰ কবি দ্বাৰা চিহ্নিত একুৰি গীতৰ বাহিৰেও বেজবৰুৱাৰ ঐতিহাসিক নাট বেলিমাৰ, চক্ৰধ্বজ সিংহ আৰু জয়মতীৰ কিছু নাটকীয় গীতৰ সংযোজনা মন কৰিবলগীয়া। নাটকৰ গীতবোৰ নাটকীয় ঘটনাৰ পটভূমিত ৰচিত, সুকীয়াভাৱে তেনে দুই এটি গীতৰ বাহিৰে বাকীবোৰ গীতৰ গীত হিচাবে মূল্য বা প্ৰয়োজনীয়তা বৰ বিশেষ নাই। পিছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কিন্তু তুলনা নাই, মানুহজনৰ দ্ব্যুয়েল পাৰ্চনেলিটি ; দুটা ব্যক্তিত্ব। এটা লক্ষ্মীনাথ, আনটো লক্ষ্মীনাথৰ ভিতৰৰ কৃপাবৰটো। গীত দুয়োজনে ৰচিব চেষ্টা কৰে, মাথোঁ লক্ষ্মীনাথে কেতিয়াবা বৰ গম্ভীৰ হৈ কেতিয়াবা বিষয়ত গীত লিখিবলৈ ল'লেই কৃপাবৰটো আহি ভুটুঙাই ওলায়হি। কদমকলি কিতাপত 'তিলকা' বুলি বৰ্ণনামূলক গীত ৰচিছে লক্ষ্মীনাথে। আগকথাত লিখিছে, "তিলকাৰ বয়স দহ বছৰ। গিৰিয়েকৰ মুখ নেদেখাকৈয়ে তিলকা বাঁৰী হল। তিলকাৰ মাক বাপেক ককাই ভাই কোনো নাই; আছিল বুঢ়ীমাক ৰাঙলী। ৰাঙলীয়ে মাগি-খুজি তিলকাক খুৱাই প্ৰতিপাল কৰি আহিছিল। এদিন ৰাঙলীও মৰি থাকিল। তিলকাই বুঢ়ীমাকৰ শৱটো আগত লৈ এইদৰে বিনাই কান্দি আছিল" ।
   কাহিনীটো বেছ দুখলগা, পিছে কৃপাবৰে দুষ্টামী কৰিলে। এই বৰ্ণনাত লিখা আছে, "বিলনিত দুফাকিমান তলত দিলোঁ, শোক লাগে দেখি বাকীখিনি এৰিলোঁ" ; গীতিকাৰ লক্ষ্মীনাথে এই সুৰ 'আগলি কলপাত লৰে কি চৰে' ধৰণৰ হ'ব লাগে বুলি নিৰ্দেশো দি থৈছে। সেয়ে যদি হয়, তেনে বিননিৰ ৰূপ হ'বঃ-

তিলকা হেনো তোৰ তামোলৰ ডাবি।
বুকুৰে তিলকাক বুকুতে থ'বি।
আজি পৰি ৰ'ল তিলকা তোৰ।
এৰি গ'ল আইতাক ৰাঙলী মোৰ।
কোনেনো ৰাইকহৰ সাধুটি ক'ব।
বাঁৰী দুখুনীৰ দুখ কোনে পতিয়াব।
মই হেনো বাঁৰী, মোৰ কোনোৱেই নাই।
কলৈ গ'লি নাতিনীৰ ৰাঙলী আই।
পুথাই ৰাঙলী নাযাবি এৰি
মোকো তোৰ লগতে লৈ যা মাৰি।
কিনো পাপ কৰিলোঁ
একো নাজানোঁ
সেয়ে মোৰ প্ৰভু মোৰ
সদায় মই কান্দোঁ।।
-
(ভুপেন হাজৰিকা আৰু সুদক্ষিণা শৰ্মাৰ দ্বৈত কন্ঠৰে নিগৰিত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচিত গীত)
(ইউনিক’ড ৰূপান্তৰঃ অনামিকা বৰা আৰু দিগন্ত শইকীয়া) 

No comments: