অনুসন্ধান আকাংক্ষাত

Monday, September 16, 2019

অ' বান্ধৈ দূপৰীয়া মৰোঁ যেনে লাগে

অ' বান্ধৈ
দূপৰীয়া মৰোঁ যেনে লাগে অ'
-
অ' বান্ধৈ - ২
লুইতৰ শুৱনি
ৰূপহী মাজুলী-২
মৰোঁ যেনে লাগে তাত
দূপৰীয়া
অ' বান্ধৈ
মৰোঁ যেনে লাগে তাত
-
লৈ যা হেৰ'
ক'ৰে নাৱৰীয়া - ২
খাই যা এমুঠি ভাত
দূপৰীয়া
অ' বান্ধৈ
মৰোঁ যেনে লাগে তাত
-
বাঁহৰে শুৱনি
-
আগে ঐ লেকেচি
-
পৰে কপৌ যোৰ তাত-২
পথাৰৰ শুৱনি সোণালী ধাননি
গছৰে এন্ধাৰ লৈ তাত
মৰোঁ যেনে লাগে তাত
দূপৰীয়া
অ' বান্ধৈ
মৰোঁ যেনে লাগে তাত
-
পৰ্বতৰ শুৱনি আঁজলী হৰিণী - ২
নিজানত শুৱনি ঠাই
দূৰৈৰে শুৱনি গাঁও
অ' চিনাকী গাঁও
অ' চিনাকী
চেনেহৰে এষাৰি মাত
মৰোঁ যেনে লাগে তাত
দূপৰীয়া
অ' বান্ধৈ
মৰোঁ যেনে লাগে তাত ।।
-
কণ্ঠঃ ভূপেন হাজৰিকা
কথাঃ আনন্দিৰাম দাস
ইউনিক'ড ৰূপান্তৰঃ নীলাক্ষি দেৱী ডেকা আৰু দিগন্ত শইকীয়া

No comments: