অনুসন্ধান আকাংক্ষাত

Friday, October 12, 2018

সাৰ্বজনীন হওঁক কল্যাণ

(সাৰ্বজনীন হওঁক কল্যাণ
প্ৰতি ঘৰে জ্বলক বিজ্ঞানৰ চাকি
অনাহাৰ দীনতাৰ কৰি অৱসান
প্ৰগতিৰ বাটে গৈ বিনাশো ৰাতি) ←২
সাৰ্বজনীন হওঁক কল্যাণ
-
বিকাশ প্ৰকাশ পালে
      দুই এক কৰি
মৌনতাক আজি লওঁ
      মুখৰ কৰি
(সূৰ্য কিৰণ সম
      হওঁক যে সৃজন) ←২
স্বাৰ্থৰ মেঘে কিয়
      ধাকিব চাকি
(প্ৰথমখিনি)
-
(মূঢ়তা এন্ধাৰ দিনলৈ ঠেলি
     শিক্ষাৰ দ্বীপ মণি জ্বলাই ৰাখি) ←২
(সুদিনৰ শুভ কাম
     ইদৰে হ'ব) ←২
সন্ধানি দৃষ্টিয়ে
     খেদিব ৰাতি
(প্ৰথমখিনি)   ।।


মূল ৰচনাঃ-              প্ৰিয় চট্টোপাধ্যায়
অনুবাদঃ-                মহেন্দ্ৰ বৰঠাকুৰ
কণ্ঠঃ-                     ভূপেন হাজৰিকা
ইউনিক'ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া

No comments: