অনুসন্ধান আকাংক্ষাত

Monday, October 1, 2018

বহু মানুহৰ গান মোৰ কণ্ঠত আছে

(বহু মানুহৰ গান
মোৰ কণ্ঠত আছে
মোৰ গানত বহু মানুহৰ
নোকোৱা কথাও আছে ) ←২
বহু মানুহৰ গান
মোৰ কণ্ঠত আছে
-
(মোৰ নিসঙ্গ কোনো
মৰম বিহীন জীৱনৰে গান) ←২
মোৰ গান দিকভ্ৰান্ত জনৰ
পথৰ সন্ধান
বহু মানুহৰ গান
মোৰ কণ্ঠত আছে
মোৰ গানত বহু মানুহৰ
নোকোৱা কথাও আছে
বহু মানুহৰ গান
মোৰ কণ্ঠত আছে
-
মোৰ গানত আছে অপ্ৰকাশ
কত যে মান অভিমান
সুৰৰে সৈনিক বহু গায়কৰ
ক্লান্তিৰে অৱসান
মোৰ গান বঞ্চিত জনৰ গণৰ হুংকাৰ
বহু মানুহৰ গান
মোৰ কণ্ঠত আছে
মোৰ গানত বহু মানুহৰ
নোকোৱা কথাও আছে
বহু মানুহৰ গান
মোৰ কণ্ঠত আছে  ।।
-
ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত
ইউনিক'ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া

No comments: