অনুসন্ধান আকাংক্ষাত

Thursday, August 10, 2017

অ' সপোন তুমি কিয় নিশা কৰা আমনি

(অ' সপোন
তুমি কিয় নিশা
কৰা আমনি
কিয় বাৰু ৰহণ সানি )←২
অ' সপোন ...
-
(ক্ষণিক পৰৰ ছবিৰে
নয়ন দুটিৰ মণিৰে
কিয় বাৰু নিৰাশ কৰা
মিছা বৰঙনিৰে )←২
অ' সপোন ...
-
(সদায় দেখা দিবানে
পৰাণ জুৰাবানে
মনৰ কত বেদনা
তুমি আঁতৰাবানে )←২
-
(তুমি মোৰ জীৱন দাপোন
কৰিবা কাহানি আপোন
কিয় বাৰু শান্তি নিদিয়া
সঁচা সহানুভূতিৰে )←২
অ' সপোন
তুমি কিয় নিশা
কৰা আমনি
কিয় বাৰু ৰহণ সানি
দিয়া আশাৰ ৰেঙণি
অ' সপোন.. ←৩  ।।
-
ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত
ইউনিক'ড ৰূপান্তৰঃ- নীলাক্ষি দেৱী ডেকা

No comments: