সেউজীয়া পথাৰত
সোণ-ধান
ফুলিলে
ধাননি
শুৱনিকৈ ---
সোণ যেন মুগাৰে
ৰিহানো
মেখেলা
পিন্ধি
ফুলেবছা
গাঁৱৰে
বুকুতে ফুলিছোঁ অ’ই
হাততে
মাকোটি লৈ ৷
সোণ- ৰ’দালিয়ে উপজি পুৱাতে
সোণসুৰীয়াতে
উৰি
আহি পৰি
বেলিৰে
বতৰা
মোৰে কাণে কাণে কয় ;
পৃথিৱী- লখিমী
ময়ে
কেঁচাসোণ
পৃথিৱী-লখিমী
মই ৷
পৃথিৱী হোৱাৰে পৰা
বুৰঞ্জী
পাতত নিলিখা নগঁথা
আছে
গুপুতৰ কথা ৷
মোৰ
কলিজাৰ বেথা কতখিনি
সেউজী
পথাৰ কৰিলে শুৱনি
মৰমৰে
সনা শইছৰ ডাঙৰী
ক’ত যে পঠালোঁ---
লুইত
পাৰে কৰি
জগতে
নুবুজে মোল ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment