অনুসন্ধান আকাংক্ষাত

Monday, February 17, 2014

শিল্পী মই- ময়ে শিল্পী (শিল্পীৰ আলোক-যাত্ৰা)






শিল্পী মই

     ময়ে শিল্পী


আন্ধাৰৰ সতে যুঁজি পোহৰলৈ যাওঁ,

মানুহৰ জীৱনৰ খোঁটালিয়ে খোঁটালিয়ে

     ৰঙা-নীলা-হালধীয়া

              সাতো বৰণীয়া

          নুনুমুৱা আলোকৰ

                        চাকি জ্বলাওঁ ।



চিৰসুন্দৰৰ কবি চিৰআৰাধনা

     মানুহৰ বুকুলৈ

                   মানুহৰ মনলৈ

                        মানুহৰ সৃষ্টিলৈ

                   চিৰসুন্দৰ নমাওঁ ।



ওপজা গাঁৱৰ মোৰ বকুলতলৰ পৰা

              জুৰিটিৰ পাৰে পাৰে

              বনঘোষা বিহুনাম গাই

লুইতৰ দুপাৰৰ কহুঁৱা-বনত

                        বনগীত গাওঁ ।



লুইতৰ পাৰে পাৰে বীণ বাই যাওঁ

গাঁৱে-ভূঁঞে চহৰে-নগৰে

              মানুহৰ ঘৰে ঘৰে

              জ্বলাই নতুন চাকি ,

শিল্পী-মনৰ কথা

শিল্পী-প্ৰাণৰ ব্যথা

শিল্পী সপোনৰ

নৱতম মানৱৰ

জন-জীৱনৰ

শিল্পীৰ যত গুণাগঁথা,

দুখীয়াক-সুখীয়াক

নগৰীয়া, চহৰীয়া, গাঁৱলীয়াক

ৰণুৱাক, বনুৱাক

হজুৱাক, চহুৱাক

মুনিহ আৰু তিৰোতাক

          অভিনৱ ভাষাৰে শুনাওঁ ।

শিল্পী মইপোহৰৰ বাটে বাটে যাওঁ

          চিৰসুন্দৰৰ মই অনন্তধ্যানী হৈ

          সৌন্দৰ্য্যৰ বৈচিত্ৰেৰে

          নৱ নৱ ধেমালিৰে

                   আনন্দ বিলাওঁ

     ঘৰে ঘৰে নতুনৰ চাকিটি জ্বলাওঁ ।

লুইতৰ পাৰে পাৰে

          ভাৰত সাগৰলে

              মুকুতা বিচাৰি ভটিয়াওঁ ।



ওপজা গাঁৱৰ পৰা

          নিজৰাৰ পাৰেদি

          জান-জুৰি-নৈয়েদি

লুইতৰ ৰূপালী বালিৰে মই

          জোনাকত বালি ভাত খাই

     সোৱণশিৰীয়া সোণ দিনৌ কমাওঁ ।



মাৰ যোৱা বেলিটিৰ জিলিকনি লেখি মই

          নতুন পুৱাৰ ছবি চাওঁ

মহাভাৰতৰ বাটে

          পৃথিৱীৰ সবাহলে যাওঁ ।



মোৰ অন্তৰত জ্বলি থকা

     প্ৰতিভা শিখাৰে

শুই থকা লাখো শিল্পীৰ

     অন্তৰত থকা প্ৰতিভাৰ

     তেল আৰু শলিতা থকাৰ

     এতিয়াও যিটিৰ শিখা জ্বলা নাই,

সেইবোৰ শলিতাৰ

     মোৰ চাকিটিৰে গৈ অগ্নি পৰশাই

     সহস্ৰ প্ৰতিভা-চাকি তোলে উজ্বলাই ।



লক্ষ লক্ষ শিল্পী-প্ৰাণ

     কৰি উদ্বোধিত

     চিৰসুন্দৰক নমাবলে পৃথিৱীলে

     সমবায় পোহৰৰ দীপালী জ্বলাওঁ ।



জনতাৰ কপালৰ আন্ধাৰ ভাগ্যলেখা

     পোহৰৰে ধুই মই

          ভুবনবিজয়ী লেখনীৰে

          মহাজীৱনৰ এক মহাভাগ্য লেখা

              অঙ্কিত কৰি থৈ যাওঁ ।



ৰোধ কৰিবলে যত

     আন্ধাৰৰ দৈত্য-দানৱ

          জ্যোতি-মন্ত্ৰে

          বিপ্লৱৰ শঙ্খ বজাওঁ ।

ব্যক্তি-স্বাৰ্থ জীৱনৰ লোহাৰ দুৱাৰ ভাঙি

সমূহীয়া স্বাৰ্থৰ মহান জীৱনলে মই ব্যাপি যাওঁ

তেতিয়াহে ব্যক্তিত্বৰ সত্যমূল্যে স্বাধীনতা পাওঁ,

ব্যক্তিত্বৰ পূৰ্ণ প্ৰকাশ

ব্যক্তিত্বৰ মহান বিকাশ

          জনতাৰ ৰাইজৰ অন্তৰত পাওঁ ।



     মই শিল্পী পোহৰলে যাওঁ---

প্ৰসান্ত

অশান্ত

অপৰিশ্ৰান্ত মহাসাগৰৰ পাৰে পাৰে

     বিচিত্ৰ সংস্কৃতিৰ দুৱাৰে দুৱাৰে

          ঘূৰি ঘূৰি

              শিল্পী মনৰ কথা কওঁ,

বিশ্বমানৱৰ মই প্ৰাণৰ বেদনা-ব্যথা

              আপোনাৰ দুখ কৰি লওঁ,

মই, মই, পৃথিৱীৰে জনতাক

     মইৰূপে দেখি

          মই হৈও, মই আমি হওঁ ।

আমিৰূপী মোতে

     জনতাৰ জীৱনৰ নৱতম ছন্দ জাগৰিত

     মোৰ এই শিল্পীৰ মনত, প্ৰাণত,

          পৃথিৱীখনেই হয় প্ৰতিফলিত ।

আন যত জীৱনৰ নানা বিভাগৰ

     বিদ্বান পণ্ডিত

     কৰি আজীৱন

     অনুশীলন সংস্কৃতিৰ

     শিক্ষা-দিক্ষাৰে থৈ

          সাৱটিব পৰা হয় বিশ্ববাসীক,

মই কিন্তু শিল্পী-প্ৰাণে

     গাঁৱৰ গণ্ডীতো থাকি

          উপজিয়ে পৰা হয় বিশ্ববাসীক,

লভি জন্ম মানুহৰ

     দেখি এই বিশ্বমনোহৰ

          ভাৱোঁ মোৰ ঘৰ

যাকে দেখোঁ তাকে ভাবোঁ আপোনাৰ জন বুলি

          কেও নোহে পৰ ।



মই শিল্পী, ময়ে ব্যক্তি

          সমষ্টিত মই---

ব্যক্তিত্বৰ সীমান্ত ভাঙি

     ব্যাপি বহু ব্যক্তিত্বক সমন্বিত

     সমষ্টিৰে প্ৰগতিৰ সুতীক্ষ্ণ বৰছামুখ হৈ

     আন্ধাৰৰ বক্ষ ভেদি

          লৈ যাওঁ জনতাক পোহৰলৈ ।

     ভৱিষ্যৰ বাটে ফালি যাওঁ

     ব্যক্তি আৰু সমষ্টিৰ বিভ্ৰন্তি আঁতৰাই

     মই মোৰ ব্যক্তিত্বকো নেহেৰুৱাওঁ---

          ব্যক্তিত্বৰ মহাপ্ৰকাশ

          ব্যক্তিত্বৰ চৰম বিকাশ

              মহাসমষ্টিৰ মহাতীৰ্থত পাওঁ ।

     অতীতৰ ভ্ৰান্তিযুক্ত ভৱিষ্য মানৱৰ

     অভূতপূৰ্ব্ব এক বাস্তৱৰ সপোন দেখোঁতা

          শিল্পী মই

              অভিনৱ সমষ্টিক--- ব্যক্তিত্বৰ

                   পাতনি পেলাওঁ ।   



দৈনিক অসমীয়া
ডিব্ৰুগড়
৫ ছেপ্তেম্বৰ, ১৯৪৮
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা]
[ইউনিক ৰূপান্তৰ: দিগন্ত শইকীয়া]
========================

Post a Comment