ৰণ-ৰণ-ৰণ
আলোড়ন কম্পন
ঘনঘোৰ গৰজন
অস্ত্ৰৰ ঝন ঝন
সীমান্তে-প্ৰান্তে
শত্ৰু যে
অগণন
-----অসমীয়া
জীৱনৰ সন্ধিক্ষণ ৷
চাৰিওকাষেদি বেৰি
অসম আহিলে ঘেৰি
আৰু যে
নসহে দেৰি,
বজা অসমীয়া
শৰাইঘটীয়া
বজা, বজা, ৰণ-ভেৰী,
অসমীয়া হুছিয়াৰ
!
শত্ৰু পালেহি
দুৰ্নিবাৰ ৷
যুদ্ধ মাথোন
যুদ্ধ
যুদ্ধ নহলে
নহ’ব ৰুদ্ধ
আজি অসমীয়া যে
অৱৰুদ্ধ ৷
যুদ্ধহে মাথোন
লাগিব
যুদ্ধ
হাৰিও যুদ্ধ,
জিনিও যুদ্ধ
যুদ্ধ
মাথোন যুদ্ধ ৷
অসমৰ বিহুতলী
পথাৰৰ সোণকলি
শেৱালি-তগৰ ফুল
ফুলি
থকা পদূলি,
গচকি-খচকি হে’ৰ
উৰুৱালে
ধূলি
উৰুৱালে
ধূলি ৷
দেশ ৰাখিবলে’ তই
বিচাৰি সঁজুলি
আন
নৱ
লাচিতৰ তৰোৱাল,
জয়-ফোঁট পিন্ধি
তই
ল হে’ৰ উজ্জ্বলাই
শুভ্ৰ
কপাল ৷
চহৰৰ, নগৰৰ
মাটি-বাৰী অসমৰ
গাঁও-ভূঁই
যত হাট-বাট
সকলো
শৰাইঘাট ৷
শৰাইঘটীয়া দলে
সদলবলে
শুধ চিত্
লৈ আগবাঢ়ি গ’লে,
হ’ব তোৰ জয়
নাই, নাই ভয়
অশুদ্ধ
মনৰ কৰ্ম্ম যে বিফল ৷
সুশুদ্ধ ইচ্ছাৰ সৰ্ব্বেজয়ী বল
জীৱনৰ যুদ্ধ হ’ব সম্ফল
সষ্টম
যুঁজাৰু দল ৷
তই অসমীয়া
শৰাইঘটীয়া
তলি
যে অগ্নি-বীৰ্য্য
জ্বলি
উঠ নৱ-সূৰ্য্য ৷
দেশ যায় জ্বলি
ঘৰ যায় হ’লি
চোতালত দিলে শত্ৰুৱে ভৰি
এতিয়াও জানো তোৰ বুকুখন
যোৱা নাই
ডেই-পুৰি ?
কৰ সোনকালে
ফালি মোহ-জাল,
ওলা, ওলা তই
নুদুষি কপাল,
হীনতাতকৈ
মৃত্যুও ভাল ৷
অসমীয়া
হুছিয়াৰ
শত্ৰু
যদিও দুৰ্নিবাৰ
হৈ
যাব ছাৰখাৰ ৷
ভাষাত শত্ৰু
দেশত শত্ৰু
কলা-সাহিত্যত
সঙ্গীত-শিল্পত
সোমাল শত্ৰু তোৰ
ভিতৰত
শত্ৰু আহিছে
বেয়া বতৰত,
মণিকুট গৈ পোৱাৰে আগত
সমূলে
নিপাত কৰ ;
আপোনাৰ ঘৰ
ৰাখিবলে’ তই
কালৰ মূৰ্ত্তি
ধৰ ;
কঠোৰ প্ৰতিজ্ঞা কৰ
অস্ত্ৰ-শস্ত্ৰ
ধৰ
ক্ষেত্ৰে
ক্ষেত্ৰে ৰণসাজ পিন্ধি
নিজৰ
কৰ্ত্তব্য কৰ ৷
ৰাখিব লাগিব অসমীয়া ভাষা
কৰিব লাগিব আশা
জিনিব লাগিব
বিদ্ৰূপ-বাণী
শত্ৰুৰ
ব্যঙ্গ-হাঁহি ৷
অসমৰ যত পণ্ডিত
তয়ে
কৰিব লাগিব তৰ্কযুদ্ধ
কৰিব লাগিব জগত
মুগ্ধ ;
শত্ৰুৰ
মিথ্যাচাৰ---
যদিহে নোৱাৰ
কৰিব খৰ্ব্ব
মিছা
তোৰ জ্ঞান-গৰ্ব্ব ৷
বজাব লাগিব বিশ্ব-বাঁহাৰ
সুৱণশিৰীয়া
মাত,
ভাষাৰ যুদ্ধ জিনাব লাগিব
অসমীৰ নাম জ্বলাব লাগিব
পৃথিৱীখনৰে
জ্ঞানী সভাত ৷
তয়ো অসমীয়া কবি
উদয়াচলৰে ৰবি
ৰণৰ
ঘ্ৰেষণি-হ্ৰেষণি গুণি
বীণা
জানো হ’ল চুপ ?
ধৰহি
বিশ্বৰূপ ৷
কৰ তই মহাধ্বনি প্ৰণৱ-ওঙ্কাৰ
ধ্বনিত ৰণিত কৰ শান্তিৰ ঝঙ্কাৰ
আলোক নমাই আন
গা
মহাগান,
পৃথিৱী ব্যাপি
যাওক
পোহৰৰ
বাটে বাটে
ভেদি
যাওক সপ্ত বিমান ৷
সুন্দৰসেৱী দল
অথলে নাযায়
তোৰ
ফুল-জল
তোৰ পূজাভাগ নহ’ব বিফল,
আহ্বান
কৰ
তোৰ
কোষালৈ
সকলো
তীৰ্থৰ জল ৷
গন্ধ-পুষ্প যত উপচাৰ
তাৰে স’তে ঢাল ভকতি হিয়াৰ
ৰঙাজবা দে তোৰ কলিজাৰ
শত জীৱনৰ শত শত
সম্ভাৰ ৷
সুন্দৰৰ পাবি দিব্য বৰ
জয় হ’ব অসমৰ
জয় হ’ব পোহৰৰ যুদ্ধ
জনগণ
জগজন মুগ্ধ ৷
যুঁজিব লাগিব
জিনিব লাগিব
কুসুম-বনৰ
ৰণ
মুহিব
লাগিব বিশ্ববাসীৰ মন,
তোৰ প্ৰতিভাৰে
পাতিব লাগিব
সুশোভিত
উপবন,
গঢ়িব লাগিব
জগত
শুৱনি
আলোকবৰণী কলা-ভৱন
৷
বাণীৰ সেৱক
শুন অ’ তৰুণ !
তয়ে
ভাৰতৰ নবীন অৰুণ ৷
তয়েই
নতুন জ্যোতি,
আলোক-শঙ্খ তয়ে ফুকাৰি
আনিব
লাগিব মাতি ৷
জ্বলাব লাগিব
প্ৰাগ্জ্যোতিষত
পুনৰ
আলোক বাতি,
অসমীৰ নাম ৰাখিব
লাগিব
পূৰ্ব্বভাৰতী
পাতি ৷
জ্ঞান-বিজ্ঞানৰ
কলা-সাহিত্যৰ
সুৰ-সঙ্গীতৰ
ধল,
বোৱাব লাগিব
ভাৰত ঢৌৱাই
ভাৱ-লুইতৰ
জল ৷
তোৰ মুকলিত হওক বিশ্বপ্ৰসাৰী মন
নৱ আলোকেৰে
ধুৱাব
লাগিব
নোৱাব
লাগিব
অসমী
আইৰে
ৰঙা-চৰণ
৷
আগবাঢ় আগবাঢ় নৱ অনিৰুদ্ধ
কৰ, আশা
শুদ্ধ,
জিনি আছ,
জিনি
যাবি জীৱন-যুদ্ধ ৷
অসমীয়া যুঁজাৰুৰ
জয়যাত্ৰীৰূপা
সুন্দৰসেৱীৰো তয়ে
জ্যোতিৰূপা
ওলা, ওলা অসমীয়া
ৰমণী
তয়ে হ’বি জগতৰ দেৱী গোসাঁনী ৷
বজা, বজা
কামৰূপী বীণা
ভাৰতকো, জগতকো
জিনা
সঞ্চাৰি সুৰ-ৰাগ
ত্ৰিভুবন মোহিনী
জ্বলি উঠ
জ্বলি উঠ
প্ৰেৰণাৰূপিণী
৷
অসমৰ অঙ্গন
মুখৰিত কৰি বাজে
গোসাঁনীৰ
চৰণৰ উৎকট ঘৰ্ষণ
ছন্দ-স্ফুলিঙ্গৰ
বিস্ফোৰণ বৰ্ষণ ৷
খোজে খোজে,
ৰক্তকৰবী উঠি
ফুলি
আকাশ-পৃথিৱী ঢাকি
উৰে ছাঁ,
জ্বলন্ত আঙনিবোৰ
কতবোৰ জুই
বালি-ধূলি
জনমৰ-মৰণৰ
আজি কোলাকুলি ৷
নিতম্ব ভঙ্গত জগত সশঙ্ক
আনি দিয়ে প্ৰাণলৈ মহা আতঙ্ক
নগ্ননৃত্য নাচে
সৃষ্টি-গোসাঁনীয়ে
প্ৰকট-বিকট
বিশ্বৰূপ,
লুইতৰ দুয়োপাৰে
সৌন্দৰ্য্য,
কদৰ্য্য মথি
জ্বলে নৱ
আলোকৰ
বিচিত্ৰ
ধূপ
গোসাঁনীয়ে
দেখুৱাই দিব্যৰূপ ৷
সেই ৰূপ দেখি তই
দিব্যাঞ্জন লৈ
ক্লীবতা
এৰি থৈ
ধৰ
ধনুৰ্ব্বান,
হ’বি তই অৰ্জ্জুন সমান ৷
কল্পে কল্পে তই
উত্থান-পতন জিনি
যিটি সনাতন
জ্যোতি
ৰাখিলি
জ্বলাই ৷
তাৰে বাতৰি তই
বজ্ৰ-নিৰ্ঘোৰে
গাই
জগতক থাক
অ’ শুনাই ৷
পুৱাল, পুৱাল তোৰ
ঘন-ঘোৰ অমানিশা সুদীৰ্ঘ ৰাত্ৰি
আগবাঢ়, আগবাঢ় আলোক-যাত্ৰী !
সোণৰ সবিতা সৌ
উজ্জ্বল
সমুজ্জ্বল
নৱ-জীৱনৰ নামে
সুৱৰ্ণ
সুযোগ,
অগ্নি-আৰতি গা,
অসমীয়া ঘৰে ঘৰে
মছজিদে-মন্দিৰে
অভ্যুদয়িলে
জ্যোতিযুগ ৷
কলিকতা
২১/০৭/১৯৪৩
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ
কবিতা]
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment