ৰঙা হোৱা নাই পূৱ আকাশ
এপলক আৰু ৰোৱা
বিদায় সময় হোৱা নাই সখা
তৰা জ্বলি আছে চোৱা ।
জলে ডুবে সৌ কান্দোন তোমাৰ
জোনাকীৰ ৰূপ চোৱা
নয়নৰে মোৰ, নয়ন তোমাৰ
খন্তেক এবাৰ ৰোৱা ।
ঘুমটি যদি, আহে প্ৰিয়তম
কোলাতে টোপনি যোৱা
সময় আহিলে ময়েই জগাম
তোমাৰ বিদায় বেলা ।
এপলক আৰু ৰোৱা ।।
[ইউনিক'ডীয় ৰূপান্তৰ →অৰুন্ধতী তালুকদাৰ]
No comments:
Post a Comment