অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

বিক্ষুদ্ধ বিশ্বকন্ঠই অহোৰাত্ৰি চিঞঁৰে, চিঞঁৰে





বিক্ষুব্ধ বিশ্বকন্ঠই অহোৰাত্ৰি চিঞঁৰে, চিঞঁৰে...

প্ৰচণ্ড অগ্নিপিণ্ড জ্বালাময়ী হৈ উৰে

কিয় উৰে ?

বিক্ষুব্ধ বিশ্বকন্ঠই অহোৰাত্ৰি চিঞঁৰে, চিঞঁৰে...



পৄথিৱীতো নহয় প্ৰলয়ৰ আকাংক্ষী,

গণ মানস নহয় ধ্বংসৰ প্ৰয়াসী

তথাপিতো শিখা উৰে,      

তথাপিতো শিখা উৰে;

প্ৰচণ্ড অগ্নিপিণ্ড জ্বালাময়ী হৈ উৰে

কিয় উৰে ?                 

বিক্ষুব্ধ বিশ্বকন্ঠই অহোৰাত্ৰি |



অমিত সঙ্কল্প প্ৰতিৰোধৰ পদাঘাতে,

পাশৱিকতাৰ দম্ভৰ

অকাল মৄত্যু মাতে,

পাশৱিকতাৰ দম্ভৰ

অকাল মৄত্যু মাতে |



সুদূৰ প্ৰসাৰী

মানৱ সভ্যতাই,

প্ৰতি মানৱৰ আগ্নেয়গিৰি আত্মাই        

নৱ বিপ্লৱ নিতে গঢ়ে,

নৱ বিপ্লৱ নিতে গঢ়ে |

প্ৰচণ্ড অগ্নিপিণ্ড জ্বালাময়ী হৈ উৰে,

কিয় উৰে ?

বিক্ষুব্ধ বিশ্বকন্ঠই অহোৰাত্ৰি চিঞঁৰে, চিঞঁৰে...

প্ৰচণ্ড অগ্নিপিণ্ড জ্বালাময়ী হৈ উৰে,

সেয়ে উৰে |




(ইউনিক'ডীয় ৰূপান্তৰ  প্ৰাঞ্জল বড়া)

No comments: