অনুসন্ধান আকাংক্ষাত

Wednesday, May 2, 2012

এই যে আমাৰ জানোৱাৰ বাহিনী



Assamese Song:       Ei Je Amar Januwar Bahini
Film:                            Raja
Singer:                        Dwipen Boruah 
Director:                        Samarandra Narayan Deb
Music Director:             Ramen Baruah
Year:                           1982


তাৰো আছে যে পুৰণি কাহিনী

বাটে বাটে অ’ ৰামায়ন মহাভাৰতৰ

এই যে আমাৰ জানোৱাৰ বাহিনী

তাৰো আছে যে পুৰণি কাহিনী

বাটে বাটে অ’ ৰামায়ন মহাভাৰতৰ



সীতাক যেতিয়া ৰাৱনে

লঙ্কালৈ নিলে ধৰি

কোন পাৰ সাগৰ

আলাসতে জাপ মাৰি ?

সেইয়া নহয় জানো হঅনুহুমন (হনুমান)

লঙ্কা কৰিলে থান্‌ বান্‌ !

সেই অকনমান পোৱালিটোৰ

তাৰেই জানা বংশধৰ !

বাটে বাটে অ’ ৰামায়ন মহাভাৰতৰ

এই যে আমাৰ জানোৱাৰ বাহিনী

তাৰো আছে যে পুৰণি কাহিনী

বাটে বাটে অ’ ৰামায়ন মহাভাৰতৰ



পঞ্চ পাণ্ডৱ যেতিয়া

ওলাল স্বৰ্গলৈ !

কোন ওলাল তেতিয়া..

বাট দেখুৱাবলৈ ?

সেইয়া নহয়জানো ধৰ্মৰাজ

ইনহিচাপৰদৰআজ !

এই পাহোৱাল সঙ্গী আমাৰ

তাৰেই জানা বংশধৰ !

বাটে বাটে অ’ ৰামায়ন মহাভাৰতৰ

এই যে আমাৰ জানোৱাৰ বাহিনী

তাৰো আছে যে পুৰণি কাহিনী

বাটে বাটে অ’ ৰামায়ন মহাভাৰতৰ

বাটে বাটে অ’ ৰামায়ন মহাভাৰতৰ  ৷৷





বোলছবি:                     ৰাজা
গায়ক:                         দ্বিপেন বৰুৱা 
পৰিচালক:                      সমুদ্ৰ নাৰায়ন দেৱ
সংগীত পৰিচালক:            ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ:    দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা,কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]

No comments: