অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ভৰিৰ তলুৱাৰ পৰা


ভৰিৰ তলুৱাৰ
পৰা যদি ধৰাখন
খহি খহি পৰা যেন লাগে
তিল তিল কৈ যদি
নিজৰেই ৰখন
কাৰোবাৰ দোষতে ভাগে..
পুনৰ গঢ়িবা তুমিহে বান্ধ
পুনৰ গঢ়িবা তুমি ৷

যদি পৰিয়ালে তোমা
সঙ্গ এৰে
তুমি অকলশৰীয়া হোৱা
যদি সৎ কাম কৰি কৰি
সংসাৰ সজালেও
অপষ পদে পদে পোৱা
পুনৰ সজাবা তুমি হে বান্ধ
পুনৰ সজাবা তুমি ৷

শান্তিক কৰি লোৱা
তোমাৰ গৃহিণী
ধৈৰ্য্য হব লাগে পিতৃ
দয়া হব লাগে
মৰমী ভগিনী..
ক্ষমা হব লাগে ভাতৃ..
আশা হব লাগে
তোমাৰ সহোদৰ
সংগ্রাম হগৈ মাতৃ ৷
যদি বিচনাৰ অভাৱত
আকাশৰ তলতে
বাগৰি পৰিব লাগে
যদি পোছাকৰ অভাৱত
সময়ৰ ৰঙকে
মেৰিয়াই লগৈ লাগে
তাকেই কৰিবা তুমি হাঁহিমুখে
তাকেই কৰিবা তুমি
ভৰিৰ তলুৱাৰ
পৰা যদি ধৰাখন
খহি খহি পৰা যেন লাগে
তিল তিল কৈ যদি
নিজৰেই ৰখন
কাৰোবাৰ দোষতে ভাগে..
পুনৰ গঢ়িবা তুমিহে বান্ধ
পুনৰ গঢ়িবা তুমি ৷

(ভূপেন হাজৰিকাদেৱে ৰচা জয়ন্ত হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত)
[ৰচনা:১৯৭৪, ধৰ্মকাই(১৯৭৭) কথাছবিত দিছে]
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: