অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অসম আমাৰ জননী



অসম আমাৰ জননী

আমি তৰুন সেনানী ..

অসম আমাৰ জননী

আমি তৰুন সেনানী ..

নতুন দিনৰ প্রতিশ্রুতিৰে

নতুন দিনৰ প্রতিশ্রুতিৰে

আমি গণমুক্তি বাহিনী !

আমি গণমুক্তি বাহিনী ,

অসম আমাৰ জননী

আমি তৰুন সেনানী ৷



মুক্তি আমাৰ কাম্য

যুক্তি আমাৰ ধৰ্ম,

মুক্তি আমাৰ কাম্য

যুক্তি আমাৰ ধৰ্ম ;

দুৰ্নীতি শোষনৰ প্রতিবাদ

আমাৰ মুখ্য কৰ্ম !

দুৰ্নীতি শোষনৰ প্রতিবাদ

আমাৰ মুখ্য কৰ্ম !

গঢ়িবই লাগিব নিকা সমাজ

আমাৰ প্রতিজ্ঞাৰ

শুনানি !

শুনানি !

শুনানি !

নতুন দিনৰ প্রতিশ্রুতিৰে

নতুন দিনৰ প্রতিশ্রুতিৰে

আমি গণমুক্তি বাহিনী !

অসম আমাৰ জননী

আমি তৰুন সেনানী..

নতুন দিনৰ প্রতিশ্রুতিৰে

নতুন দিনৰ প্রতিশ্রুতিৰে

আমি গণমুক্তি বাহিনী ৷



বাজক বাজিলে ৰণৰ শিঙা

উঠক উঠিলে হুংকাৰ

মৰণে নাচিলেও নাচক

সমুখত মুক্তিৰ দুৱাৰ !

বাজক বাজিলে ৰণৰ শিঙা

উঠক উঠিলে হুংকাৰ

মৰণে নাচিলেও নাচক

সমুখত মুক্তি দুৱাৰ !

নৱ উদিত সুৰুযৰ ৰং

আমাৰ আশাৰে ৰেঙনি

নৱ উদিত সুৰুযৰ ৰং

আমাৰ আশাৰে ৰেঙনি

নতুন দিনৰ প্রতিশ্রুতিৰে

আমি গণমুক্তি বাহিনী

আমি গণমুক্তি বাহিনী

অসম আমাৰ জননী

আমি তৰুন সেনানী..

নতুন যুগৰ প্রতিশ্রুতিৰে

নতুন যুগৰ প্রতিশ্রুতিৰে

আমি গণমুক্তি বাহিনী !

আমি গণমুক্তি বাহিনী !

আমি গণমুক্তি বাহিনী ৷৷



(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: