অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ মোৰ ধৰিত্রী আই



মোৰ ধৰিত্রী আই
চৰণতে দিবা ঠাই
খেতিয়কৰ নিষ্ঠাৰ নাই
মাটি বিনে অসহায়
দয়া কৰা দয়াশীলা আই ;
মোৰ ধৰিত্রী আই
চৰণতে দিবা ঠাই
খেতিয়কৰ নিষ্ঠাৰ নাই
মাটি বিনে অসহায়
দয়া কৰা দয়াশীলা আই ৷

দ বৰষুণ কাটি কৰি
ঘাম পেলাই চহ কৰি
তোমাৰ বুকুৰ সোণ চপাওঁ
আনে নিয়ে কাঢ়ি !
ধৰিত্রী আই মোৰ
আমাক তুমি নেৰিবা
তোমাৰ চেনেহ বিনে আই
আমি নিৰুপায় ৷

মাটিকে সাৱতি ধৰি
মাটিকে সাৰথি কৰি
মাটিৰ বুকুত শোণিত ধালো
জিৰণি পাহৰি !
ধৰিত্রী আই মোৰ
আমাক তুমি নেৰিবা
তোমাৰ চেনেহ বিনে আই
আমি নিৰুপায় ৷

মই হলো মাউৰা লৰা
মোৰ আই নাই
কাবৌ কৰো ধৰিত্রী মোৰ
তুমি হবা আই !
মই হলো মাউৰা লৰা
মোৰ আই নাই !
কাবৌ কৰো ধৰিত্রী মোৰ
তুমি হবা আই !
মাটি আৰু খেতিয়কৰ
সমন্ধ আছে যুগ যুগৰ
কৃষক মাটিৰ মিলনত
দিয়ে অন্তৰায় !
মোৰ ধৰিত্রী আই
চৰণতে দিবা ঠাই
খেতিয়কৰ নিষ্ঠাৰ নাই
মাটি বিনে অসহায়
দয়া কৰা দয়া কৰা
দয়াশীলা আই
দয়া কৰা দয়া কৰা
দয়াশীলা আই
দয়া কৰা দয়া কৰা
দয়াশীলা আই ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: