ভাবিছিলা এবুকু ভৰাই
ঘৰৰ মায়া পাবা
সেই মায়াৰে কোমল
কোলাত
ক্ষণিক জিৰাবা ..
ক্ষণিক জিৰাবা ৷
ঘৰ আছে মায়া নাই
সঙ্গীহীনৰ সঙ্গী
নাই
ফুলৰ যেন সুগন্ধি নাই
প্রদীপ আছে
জেউতি নাই !
কাৰনো মৰম
আঁকোৱালি ল’বা ?
সঁহাৰি নেপাবা ৷
শ্রান্ত বতৰ
ক্লান্ত বায়ু
সুৰ-ও বন্দী হ’ল
আশাৰ তৰি নিৰাশাৰ
বালিত লাগি ৰ”ল
শ্রান্ত বতৰ
ক্লান্ত বায়ু
সুৰ বন্দী হ’ল !
আশাৰ তৰি নিৰাশাৰ
বালিত লাগি ৰ”ল. ৷
সকলো আছে কিবা
নাই
জীৱন আছে ৰস নাই
প্রভাত আছে
সূৰ্য্য নাই !
শূণ্যতে একো যে নাই !
কি বিচাৰি কলৈ
গুচি যা..বা !
সঁহাৰি নেপাবা
অ’ ভাবিছিলা এবুকু ভৰাই
ঘৰৰ মায়া পাবা
সেই মায়াৰে কোমল
কোলাত
ক্ষণিক জিৰাবা ..!
ক্ষ..ণিক জিৰাবা ৷৷
(কথাছবি : বনহংস, ১৯৭৮ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment