অনুসন্ধান আকাংক্ষাত

Tuesday, May 1, 2012

আন্ধাৰ ৰাতি


Assamese Song:     Andhar Rati
Film:                           Ajali Nabou
Singer:                       Dwipen Boruah
Music Director:         Ramen Baruah
Year: 1979

আন্ধাৰ ৰাতি কোন বাৰু তই(হা:হা:হা:)
অকলে ফুৰিছ যাবি কলৈ ?
কেনি তোৰ ঘৰ ক’ত পাবি ঠাই ?
আন্ধাৰ ৰাতি কোন বাৰু তই
অকলে ফুৰিছ যাবি কলৈ ?
কেনি তোৰ ঘ..ৰ ক’ত পাবি ঠাই ?

যায়ে যদি সৰি সৰি গোলাপৰে পাহ
অ’ এৰি থৈ ঠাৰিটি ধৰুৱা হুমুনিয়াহ !
যায়ে যদি সৰি সৰি গোলাপৰে পাহ !
অ’ এৰি থৈ ঠাৰিটি ধৰুৱা হুমুনিয়াহ !
পাহি মেলি কিয় ফুলিছিলে
পুৱাই ফুলনি জকেমকাই (হা:হা:হা:) ?!
আন্ধাৰ ৰাতি কোন বাৰু তই
অকলে ফুৰিছ যাবি কলৈ ?
কেনি তোৰ ঘ..ৰ ক’ত পাবি ঠাই ?

শূল পুতি ভুল কৰ কিয়
নিজে বৰ দুখ
নিজে বৰ দুখ
ফুলৰ আঁৰত নেদেখিলি কাৰ সাপৰ মুখ !
নায়ে যদি দিনৰ পোহৰ  ৰাতিয়েই ভাল !
অ’ আন্ধাৰতে তেতিয়া হায় ইমান খৰ কাৰ ?!

নজ্বলাবি চাকি নজ্বলাবি..
পোহৰ পৰিলে বাট হেৰাই যায় .. (হা:হা:হা:)
আন্ধাৰ ৰাতি কোন বাৰু তই
অকলে ফুৰিছ যাবি কলৈ ? (হা:হা:হা:)
কেনি তোৰ ঘৰ ক’ত পাবি ঠাই ?
কেনি তোৰ ঘৰ ক’ত পাবি ঠাই ?

বোলছবি:                     আজলি নবৌ
গায়ক:                         দ্বীপেন বৰুৱা
সংগীত পৰিচালক:      ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]

No comments: