সমস্বৰে: অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
আজি তোৰেই তেজাল বদন
মলিন কিয় হ’ল ?
মলিন কিয় হ’ল ?
মলিন কিয় হ’ল ?
অ’ অসমীয়া ডেকা দল ৷
পু:স: দূৰ্গম নদ পাহাৰ গিৰি
লংঘিছিলে ডেকাগিৰি
না:স: সুন্দৰ শংকৰে লুৰি
কৰিছিলে তল
সমস্বৰে: দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল ঐ
অসীম বাহুৰ বল ৷
সমস্বৰে: দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল ঐ
অসীম বাহুৰ বল
সিয়ো যে তোৰ নাইকীয়া হ’ল !
সিয়ো যে তোৰ নাইকীয়া হ’ল !
সিয়ো যে তোৰ নাইকীয়া হ’ল ..
অ’ অসমীয়া ডেকা দল !
পু:স: কীৰ্ত্তন দশম নামঘোষা
হওক আমাৰ শৌৰ্য্য
হওক আমাৰ শৌৰ্য্য
কীৰ্ত্তন দশম নামঘোষা
হওক আমাৰ শৌৰ্য্য
হওক আমাৰ শৌৰ্য্য
না:স: নাট গীত নাম বৰগীত..
হওক আমাৰ তুৰ্য্য
হওক আমাৰ তুৰ্য্য
সমস্বৰে: আৰ্হিটি তেওঁৰ এই অসমৰ
হওক অসীম বীৰ্য্য
হওক অসীম বীৰ্য্য
হওক অসীম বীৰ্য্য
অসমীয়া সমনীয়া
আগবাঢ়ি যাওঁ ব’ল অ’
আগবাঢ়ি যাওঁ ব’ল
অসমীয়া সমনীয়া
আগবাঢ়ি যাওঁ ব’ল অ’
আগবাঢ়ি যাওঁ ব’ল
অ’ অসমীয়া ডেকা দল !
অ’ অসমীয়া ডেকা দল !
অ’ অসমীয়া ডেকা দল ..
অ’ অসমীয়া ডেকা দল ৷৷
(ভূপেন হাজৰিকাদেৱৰ সমবেত ৰাভা-সংগীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment