অসীমৰ সিপাৰতে
মহাজলধিৰ শেষতে
জ্যোতি এন্ধাৰৰ মাজতে
দুটি কন্ঠৰ কথা শুলো ৰিণিকি ৰিণিকি অহা...
এটি হ’ল উষা
আনটি ক’লীয়া নিশা
নিশাই পিন্ধিছে জোনবিৰি কেৰুমণি
হেজাৰ তৰাই ফুল বাচি বোৱা
এন্ধাৰৰ সিংখাপখিনি
চকুত টোপনিৰ ভাষা.. তাই উষাৰ সখীটি নিশা ৷
চকুটি মোহাৰি নিশাই বুলিলে ..
“অ’ মোৰ ভনীটি উষা
নাভাঙিবি মোৰ আশা
পৃথিৱীৰ যত আছে নৰনাৰী
ভাগৰত জুৰুলা হোৱা
আপোন পাহৰি নিদ্রা মগন
মোৰেই কোলাতে চোৱাঁ
আজিৰ সুপ্ত মহাজীৱনক
তুমিয়ে সাৱটি লোৱাঁ ৷
বিদায় মাগিছোঁ ভাগৰি পৰিছোঁ
এলাহ সামৰি থোৱা
নাভাঙিবা মোৰ আশা
অ’ মোৰ সখীটি উষা ৷
নিশাৰ চকুত নিয়ৰ উজ্বলিল
আৰু বিদায়ৰ ভাষা ৷
উষাই পিন্ধিছে নতুন ৰিহা,
সেন্দুৰ ৰহণ জ্বলা
নীল জলধিৰ ঢৌ থেকা খোৱা
সু চঞ্চল মেখেলা
কপালত আছে সূৰুয ফৌঁটটি লিখা
তাই নিশাৰ সখীটী উষা ..
সেউজীয়া জীৱনৰ ছন্দত নাচি বাগি
মৌ কোঁহ আঁচলত লৈ
উৰি ফুৰা চুলিটাৰি
সামৰি সামৰি লৈ ৰাংঢালি উষাই কয় ..
‘অ’ সখী নিশা
নাভাঙো তোমাৰ আশা
নিদ্রা এৰিছে মহাজীৱনে
পোহৰ বিচাৰি আজি
সেয়েহে আজি ন ৰহণেৰে
ওলালোঁ সাজোন কাচি
যোৱাঁ মোৰ সখীটি নিশা ৷’
নিশাৰ চকুত নিয়ৰ উজ্বলিল
আৰু বিদায়ৰ ভাষা
উষাই যাচিলে মহা জীৱনৰ
সাত ৰহণীয়া আশা ৷৷
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment