Sunday, May 5, 2019

বাণী মন্দিৰত আৰতিৰ গীত




[ আমাৰ প্ৰতিনিধি সম্পাদনা কৰাৰ সময়ৰ কথা, বকুল বনৰ কবি স্বৰ্গীয় আনন্দ চন্দ্ৰ বৰুৱাই মোক এটি গীত গাবলৈ অনুৰোধ কৰি লিখা এখন চিঠি পাইছিলোঁ । গীতটি আছিল “সৌটি বেঁকা বাটৰ মূৰত সোণটিহঁতৰ ঘৰ, দূৱাৰমুখত বহি থাকে সোণটি মৰমৰ”, কিন্তু গীতটো মোৰ গোৱা নহ’ল । যোৱা শতিকাৰ সেই মধুৰ স্মৃতিক গুপুতে বুকুত   সাঁচি ৰাখি আজি নতুন শতিকাৰ আৰম্ভণিত যুগমীয়া কৰিবলৈ ওলাইছোঁ তেখেতৰেই ৰচিত অন্য এটি গীতেৰে, যি হ’ব তেখেতৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি ]

বাণী মন্দিৰত আৰতিৰ গীত
ৰিণিকি ৰিণিকি কঁপিছে প্ৰাণ
ধৰণিৰ বুকু তেজেৰে ৰাঙলী১
ৰক্তধাৰাত উঠিছে বান ←২
বাণী মন্দিৰত আৰতিৰ গীত
-
সৰগী শিশুৰ সৰল হাঁহিটি
জননী হিয়াৰ চেনেহী তান
-
সৰগী শিশুৰ সৰল হাঁহিটি
জননী হিয়াৰ চেনেহী তান
প্ৰকৃতিয়ে আজি তাণ্ডৱে নাচি
ধ্বংস লীলাৰ কৰে অভিযান
ৰক্তধাৰাত উঠিছে বান ←২
(প্ৰথমখিনি)
-
দিয়া অভিনৱ সুৰৰ লহৰ
জীৱন জয়ৰ নতুন গান
-
দিয়া অভিনৱ সুৰৰ লহৰ
জীৱন জয়ৰ নতুন গান
উথলি উঠক ত্ৰিদিৱ ভুৱন
বওঁক ধৰণিত শান্তিৰ বান ←৩
বাণী মন্দিৰত আৰতিৰ গীত
ৰিণিকি ৰিণিকি কঁপিছে প্ৰাণ
ধৰণিৰ বুকু তেজেৰে ৰাঙলী
ৰক্তধাৰাত উঠিছে বান ←৫
-
কথাঃ- আনন্দ চন্দ্ৰ বৰুৱা
সুৰঃ-  প্ৰণৱীৰাম বৰুৱা
কণ্ঠঃ- ভূপেন হাজৰিকা
ইউনিক’ড ৰূপান্তৰঃ- নীলাক্ষি দেৱী ডেকা, বসন্ত কুমাৰ নাথ আৰু দিগন্ত শইকীয়া

No comments:

Post a Comment