Saturday, September 1, 2012

কত জোৱানৰ মৄত্যু হ’ল




কত জোৱানৰ মৄত্যু হ’ল,

কাৰ জীৱ্ন যৌৱ্ন গ’ল,

সেই মৄত্যু অপৰাজেয়,

তেনে মৄতক নহ’লো মই কিয়...

কত জোৱানৰ মৄত্যু হ’ল |



হেনো হিমালয় ভাৰতৰ প্ৰহৰি !

তাহানি শুনিছিলো কাহিনী,

পিছে মৄত জোৱান সবে চিঞৰিছে,

লাগে চিৰ জাগ্ৰত এটি বাহিনী |



আজি কামেং সীমান্ত দেখিলোঁ,

দেখি শত্ৰুৰ পশুত্ত্ব চিনিলোঁ

আৰু মৄত মৌন শত জোৱানলে’

মোৰ অশ্ৰু অঞ্জলি যাচিলোঁ |

কত জোৱানৰ মৄত্যু হ’ল |

কত পিতৄ পুত্ৰহাৰা হ’ল,

কত মাতৄৰ বুকু শুদা হ’ল |

ৰঙা সেন্দুৰ গাৰ মোচা গ’ল,

কাৰ বাসনা অপূৰ্ণ ৰ’ল |



কত জোৱানৰ মৄত্যু হ’ল |



প্ৰতি জোৱান ৰক্তৰে বিন্দু,

হ’ল সাহসৰ অনন্ত সিন্ধু,

এই সাহসৰ দুৰ্জেয় লহৰে

যাচিলে প্ৰতিজ্ঞা জয়ৰে |



আজি কামেং সীমান্ত দেখিলোঁ

দেখি শত্ৰুৰ পশুত্ত্ব চিনিলোঁ

আৰু মৄত মৌন শত জোৱানলে’

মোৰ অশ্ৰু অঞ্জলি যাচিলোঁ |



কত জোৱানৰ মৄত্যু হ’ল |

কাৰ জীৱ্ন যৌৱ্ন গ’ল,

সেই মৄত্যু অপৰাজেয়,

তেনে মৄতক নহ’লো মই কিয়...

কত জোৱানৰ মৄত্যু হ’ল |




(ইউনিক’ডীয় ৰূপান্তৰ-প্ৰাঞ্জল বড়া)

No comments:

Post a Comment