Friday, June 15, 2012

ইমান চনকা ঠুনুকা


ইমান

চনকা

ঠুনুকা

জুনুকা পিন্ধি চৰণত

ৰুণুক জুনুককৈ

নিজৰাৰ দৰে

জুৰজুৰণিৰে

জিৰজিৰণিৰে

কুলকুলনিৰে

লৈ গৈছ বৈ

মৌ মাখিটোৰ

গুণগুণনিৰে

কি গান গাইছ ঐ !


মনত জ্বলা মণিকা

ক্ষণত জ্বলা ক্ষণিকা

মৌ চাওঁতেই নোহোৱা হলি

বিজুলি বেগেৰে গলি

খন্তেকলে জ্বলি ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments:

Post a Comment