Wednesday, April 11, 2012

সংগ্রাম যদি জীৱনৰ এটি নাম


সংগ্রাম যদি জীৱনৰ এটি নাম
(সেই) সংগ্রাম হওক তোৰ প্রিয়
দুই হাতে চকু দুটি ঢাকি ধৰি তই
অকলে উচুপনো কিয় ?
আঘাতেই যদি তোৰ জীৱন পথত
নিতে নিতে সহচৰ হয়
বেদনাই যদি নিষ্ঠুৰভাৱে
অকালতে আনে পৰাজয়
(তেনে) সংগ্রাম কৰি কৰি আকাশলে চাই
থিয় তই নহৱনো কিয় ?
চহৰে নগৰে গাঁৱে পথে-ঘাটে পথাৰে
সমদল দেখিছ নে নাই
তোৰ দৰে হেজাৰে চিঞ্চৰি চিঞ্চৰি সৌৱা
আগবাঢ়ে পৃথিৱী কঁপাই
যি তই নাপালি, কাঢ়ি কিয় নানিলি
ইঙ্গিত নুবুজাটো হৱ !

(মোম্বাই, দহ আগষ্ট ১৯৮০ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments:

Post a Comment