Monday, April 9, 2012

কুলিটোৱে বাৰে বাৰে কান্দে


কুলিটোৱে বাৰে বাৰে কান্দে
তাঁতশালত শিপিনী থৰ লাগে
ঘনেপতি ৰাঁচ নচলে
দোৰপতি মাকো থমকে
মাধৈমালতী ফুলিও নুফুলে
ঢেঁকী থমকি ৰয়
মঘাই ওজা নাই ৷

গোনা মহৰ যুঁজ শেষ হয়
গগনাৰ মাতেৰে কোনোবাই উচুপে
ঢোলত চাপৰ নপৰে
মঘাই ওজা নাই ৷

ৰিঙা ৰিঙা মন
গধুৰ গধুৰ
এইবাৰ বিহুতলী জেন নহয়
সিমান মধুৰ
মঘাই নাই ৷

(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments:

Post a Comment