কথা:
ব'হাগ মাথোঁ এটি
ঋতু নহয় , নহয় ব'হাগ এটি
মাহ
গীত:
ব'হাগ মাথোঁ এটি
ঋতু নহয়
নহয় ব'হাগ এটি মাহ
অসমীয়া জাতিৰ
ই আয়ুস ৰেখা !
গণ জীৱনৰ ই সাহ - ৩
-
ব'হাগ মাথোঁ
বিহুতলী নহয়
নহয় ই নিশা ফুলা
ফুল
ব'হাগেই আনি দিয়ে
সমদল গতি
নেওচি জাতি কুল
ই প্রভেদক কৰেহি নাশ
ব'হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ
-
ব'হাগ এটি মাথোঁ
মাকো নহয়
নহয় ই কুলিৰে
মাত
ব'হাগ এটি নৱ নৱ চিন্তাৰ
সাঁচিপাত পুথিৰে
পাত
ই উজলায় জীৱন
আকাশ !
ব'হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ ..
-
ব'হাগ মাথোঁ
বিহুগীত নহয়- ৩
ইনাই বিনাই গোৱা !
ব'হাগ এখনি
সৃষ্টি দলিল
সূৰ্য্যৰ
জ্যোতিত পোৱা
ব'হাগেই এন্ধাৰৰ
ত্রাস
ব'হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ ..
-
ব'হাগত জাতিয়ে স্নান কৰে-৩
মলিয়ন বস্ত্র সলায়
সংগ্রামী জীৱনতো ৰণ প্রেৰণা
দিয়ে বৰদৈচিলাই
ওফৰাই দুখ
নাগ পাশ
ব'হাগ মাথোঁ এটি
ঋতু নহয়
নহয় ব'হাগ এটি মাহ
অসমীয়া জাতিৰ
ই আয়ুস ৰেখা !
গণ জীৱনৰ ই সাহ-৪ ।।
-
(কলকাতা , ১৯৮০)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
"মলিয়ন বস্ত্ৰ সলায়" বুলি ভুলকৈ লিখা হৈছে। "সলায়ৰ" সলনি সলাই হ'ব লাগে। অসমাপিকা আৰু সমাপিকা ক্ৰিয়াৰ ব্যৱহাৰ নজনাৰ বাবে এনেকুৱা ধৰণৰ সাধাৰণ ভুলটো প্ৰায় সকলোৱে কৰে। বেয়া কথা!
ReplyDeleteহিল্লোলজ্যোতি সিংহ
This comment has been removed by the author.
Deleteএই গীতটোত সলায় শব্দটোৰ প্ৰয়োগ ভুল হোৱা নাই। ইয়াত সমাপিকা ক্ৰিয়া হোৱা বাবে সলায় হৈছে। সি কাপোৰ সলাই ফুৰিবলৈ গ'ল বুলি লিখিলে সলাইটো অসমাপিকা হয় বাবে হ্ৰস্ব ই হয়। পিছে সি সদায় দুবাৰ কাপোৰ সলায় বুলিলেহে শুদ্ধ হ'ব। গীতটোত কোৱা হৈছে যে অসমীয়া জাতিয়ে মলিয়ন বস্ত্ৰ সলায়।
ReplyDelete