Tuesday, April 10, 2012

বুকু হম্‌ হম্‌ কৰে


বুকু হম্‌ হম্‌ কৰে
মোৰ আই 
কোনে নিদ্রা হৰে 
মোৰ আই 
পুত্র হৈ মই কি মতে তৰোঁ 
আই, তোৰে হৈ মই মৰোঁ 

বুকু হম্‌ হম্‌ কৰে
মোৰ আই 

দেশৰে চন্দ্রমা
কাল আন্ধাৰে আৱৰে..
অগনি কালিকা..
দেহ ৰন্ধ্রে ৰন্ধ্রে চৰে..

বুকু হম্‌ হম্‌ কৰে
মোৰ আই ?

বজ্রসম দৃঢ় আই
চৌপাশৰে গড়..
চৌপাশৰে গড়.. ভেদিম
কিঞ্চিতো নাই পড়  ৷

যাচিম সন্তনা... !
আই মুক্তি প্রভাতেৰে..
থাপিম থাপনা...!
আই শোণিত তিয়াগেৰে...

বুকু হম্‌ হম্‌ কৰে
মোৰ আই 
কোনে নিদ্রা হৰে !
মোৰ আই 
পুত্র হৈ মই কি মতে তৰোঁ 
আই, তোৰে হৈ মই মৰোঁ 

বুকু হম্‌ হম্‌ কৰে
মোৰ আই .....৷৷

(মণিৰাম দেৱান,১৯৬৩, কলকাতা)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
*** পড়=  ছিদ্ৰ, সুৰুঙা। গীতত- 'চৌপাশৰ যি গড়ত এটিও পড় নাই, ছিদ্ৰ নাই, সেই গড় ভেদিম'। 
*উৎস*

No comments:

Post a Comment