ন-জোৱান-ই-হিন্দ
মই ভাৰত ন-জোৱান
জগাওঁ পৃথিৱী
জগালোঁ হিন্দুস্থান ;
ন-জোৱান-ই-হিন্দ
মই ভাৰত ন-জোৱান ৷
আজি
মোৰ নতুন প্ৰকাশ
জীৱনৰ নতুন বিকাশ
প্ৰাণৰ প্ৰাণত জ্বলে
অভিনৱ
অগ্নি
বিশ্বহোমাগ্নি,
অঙ্গে
অঙ্গে মোৰ
মৰ্ম্ম
শিহৰি
সঞ্জীৱনৰ উল্লাস
আপোনাত
আজি মোৰ মহাবিশ্বাস ৷
কল্পনাত
নৱসূৰ্যোদয়
আন্ধাৰক
কৰিম বিজয়
যুগান্ত ব্যৰ্থতাৰ
সাৰ্থকতা
কৰি ময়ে
আনি দিম জগতলে’
পোহৰৰ জয় ৷
নতুন
জনম লভি
নবীন
জীৱন মোৰ
নৱপ্ৰভাতৰ আলোক আলোকে,
লোকালোকে
ঝঙ্কৃত
হ’ল আজি
ওঙ্কাৰ আজান
বিশ্বমন্ত্ৰ
গাওঁ
অভিনৱ
আলোকৰ
সভ্যতাৰ গান,
জগাওঁ
পৃথিৱী
জগালোঁ হিন্দুস্থান ৷
অৰুণালোকত
জ্বলে
মোৰ উচ্চ শিৰ
ময়ে
সত্য সনাতন ধ্ৰুবজ্যোতি পৃথিৱীৰ ৷
কাঞ্চনজঙ্ঘা
সম
স্বৰ্ণ কিৰীটি
শুভ্ৰ
কপালত কল্পকাল তপস্যাৰ সমুজ্জ্বল ভাতি
যুগান্ত সুপ্তি-ধ্যান
পৰিহৰি
জাগোঁ অভিনৱ-জ্যোতি
অৰ্জ্জুন সমান,
ন-জোৱান-ই-হিন্দ
ময়েই
ভাৰত ন-জোৱান ৷
বুভুক্ষু
ভাৰত আজি কঙ্কালসাৰ
ৰোধিব
নোৱাৰে আসুৰীয় অধিকাৰ
অন্যায়-অবিচাৰ,
যুগ-যুগান্ত
জননী নিপীড়িত
আলোক, আলোক ক’ত---
অন্ধকাৰ, মাথোঁ অন্ধকাৰ ;
দলিতৰ
পেষিতৰ,
ক্ষুধিতৰ,
তৃষিতৰ
লাঞ্ছিতৰ মাথোঁ হাহাকাৰ ৷
ধ্যানভঙ্গ
মহাকাল সম মই
সেইহে ভাগিলোঁ আজি
ভীষণ ৰূপেৰে সাজি
বিদ্যুত-বিপ্লৱ-বহ্নি জ্বালি
তিমিৰৰ মহাগৰ্ভ ফালি
যাওঁ মই
মূৰ্ত্তিমান
হুহুঙ্কাৰে বনাগ্নিৰ বেশেৰে,
দুৱাৰে দুৱাৰে---
উন্মত্ত
উল্লাসে, সাগৰৰ পাৰে পাৰে,
নগৰে নগৰে
নতুন সৃষ্টিৰ মই
বজাওঁ বিষাণ
আকাশ পৃথিৱী কম্পমান ৷
ধ্বংশ-নৃত্য নাচো
মই
আজি উলঙ্গ তুফাল,
ন-জোৱান-ই-হিন্দ
মই
ভাৰত ন-জোৱান ৷
ময়েই
অতীত
ময়েই ভৱিষ্যৎ
ময়েই বৰ্ত্তমান,
চিৰপূৰাতন
নিতৌ নবীন
সূৰুযৰ দৰে জ্বলিছোঁ আয়ুষ্মান ৷
জাগোঁ
কল্পকাল
উদ্ভাসি ধৰিত্ৰী বিশাল
মাৰ
যাওঁ পুনু---
আন্ধাৰ
সমাধি লভি, জপোঁ নৱৰূপান্তৰ
কৰি থাকোঁ ধ্যান,
নতুন
দিনৰ বাবে
নৱ আলোকেৰে
জাগোঁ পুনু হৈ জ্যোতিষ্মান ৷
উদয়
অন্তৰ মাজে
অনন্তৰ বাটে বাটে
চিৰ প্ৰবাহমান,
নুমাই
জ্বলিছোঁ
জ্বলি বুৰিছোঁ
পুনৰ অভ্যুদয়িত ময়েই
আনিছোঁ আলোকবাণ ৷
চিৰদীপ্তিমান
ন-জোৱান-ই-হিন্দ
মই
আজি
মোৰ সমাধিৰ কালান্ত
সহস্ৰ
বৰ্ষৰ ধ্যানৰ অন্ত---
এক নৱ জ্ঞানৱন্ত,
আজি
মোৰ অন্তৰত
জাগে
এক আলোকৰ মহাবসন্ত---
অগ্নি-পদুম ফুলি হাঁহিৰে শ্ৰীমন্ত ৷
অস্ত্ৰেৰে
নোৱাৰিবি
কৰিব ৰুদ্ধ
জাগো
বৈশ্বানৰৰূপী
অভিনৱ বুদ্ধ ৷
সমাধিৰ
নিশ্চলতা
নীৰৱতা, নিস্তব্ধতা দেখি
কোন এই আহিছিল
অন্তৰেদি
অশুচি অন্তৰখন লৈ
মোৰ তপোবনলৈ---
নাৰাখিলি
মোৰ এই
সমাধিৰ প্ৰশান্ত সন্মান---
সাৱধান !
সাৱধান
নৰলোক !
সাৱধান আসুৰীয়লোক !
সাৱধান, সাৱধান ৷
সমস্ত পৃথিৱী সাৱধান ৷
জাগোঁ
মই মৃত্যুঞ্জয়ী ভাৰত-জোৱান ৷
মোৰ
হাত যুগান্তৰ
গ্লানি অপমান
তাৰ আজি
হ’বই
লাগিব সমাধান,
হহ’লে
নিদিওঁ পৰিত্ৰাণ---
তৃণ
ভৰি ল’লোঁ অগ্নিবাণ
আজি নিদিওঁ পৰিত্ৰাণ---
ন-জোৱান-ই-হিন্দ
মই
ভাৰত ন-জোৱান ৷
আজি
মোৰ যত পুণ্যফল,
উগ্ৰ
তপস্যাৰ তেজেৰে উজ্জ্বল---
জ্বল জ্বল্ জ্বল্ ৷
আজি
ধৌত হৈ যাওক যত মহাপাপ
আজি জহি-খহি যাওক
যত অভিশাপ,
আজি শান্তি হ’ক
যত
যুগৰ সন্তাপ
আজি
মই কৰোঁ অগ্নিস্নান
আজি ৰক্তস্নান
আজি মই সত্যৰ বলেৰে বলীয়ান ;
কোনে
ৰোধিবি মোক
কোন আছ এনে শক্তিমা ?
ন-জোৱান-ই-হিন্দ
মই
ভাৰত ন-জোৱান ৷
প্ৰথম
সৃষ্টিৰ ময়ে
বিকাশ মানৱ
ময়ে প্ৰাণী অভিনৱ,
ময়ে
ব্ৰহ্মৰূপে
স্ৰজিছোঁ অনন্ত
মই মন্ত্ৰৱন্ত
বিবিধ
জীৱনৰ বিচিত্ৰ সম্ভাৰ,
সুন্দৰৰ
পূজাৰ ষোড়শোপচাৰ ;
ময়ে
বিষ্ণুৰূপে
পালো
আপোনাৰ সৃষ্ট সংসাৰ ৷
মই
মহাকাল হৈ
পুৰণিক ভাঙি-ছিঙি---
ধ্বংস-বিধ্বংস কৰি
নাচোঁ নাচ প্ৰলয় তাণ্ডৱ---
সৃষ্টিৰ
উচ্ছেদ কৰি
নবীন সৃষ্টিৰ বাবে
পৰিগ্ৰহি শিলাৰূপ
কৰি থাকোঁ যুগ যুগ ধ্যান,
ন-জোৱান-ই-হিন্দ
মই
ভাৰত ন-জোৱান ৷
অনাদিৰ
পৰা মই
কৰি আছোঁ যাত্ৰা
সন্তৰ্পণে ৰাখি যাওঁ সৃষ্টি-স্তিতি-
প্ৰলয়ৰ-লয়-মান-মাত্ৰা ৷
ৰইছোঁ,
গাইছোঁ,
আনিছোঁ, দিছোঁ
হাঁহিছোঁ, কান্দিছোঁ,
জীৱন-তৰণি
ঘূৰিছে
ফুৰিছে
কাল-সাগৰৰ
কতনো দেশৰ
নেদেখা নুশুনা ঘাটে ঘাটে !
বিকশিছোঁ
কতনা প্ৰপঞ্চে
নানা যুগ-যুগৰ
মঞ্চে মঞ্চে,
আন্ধাৰেদি পোহৰেদি
বিচিত্ৰ ধেমালি খেদি
মই আগুৱান---
ন-জোৱান-ই-হিন্দ
মই
ভাৰত ন-জোৱান ৷
ময়েই
এবিধ
ময়ে বিবিধ
ময়েই সকলো
ময়েই সমাজ ধৰ্ম্ম
জ্ঞান-বিজ্ঞানৰ ময়েই সকলো মৰ্ম্ম ৷
ময়েই
জাতি, বৰ্ণ
ময়েই
ব্ৰাহ্মণ-চণ্ডাল
বৌদ্ধ, জৈন, পাৰসী, শিখ,
ইহুদী খৃষ্টিয়ান---
ময়েই হিন্দু, ময়েই মুছলমান
সকলো
ময়েই
ময়েই সকলো
নৱভাৰত প্ৰাণ,
ন-জোৱান-ই-হিন্দ
মই
ভাৰত ন-জোৱান ৷
আজি
মোৰ গৃহ জুৰি
আছে যত অপৱিত্ৰ
আত্মা কুৰূপ,
মোহাচ্ছন্ন
ভ্ৰান্ত যত
অমানুহ অন্ধ,
বৰ্ব্বৰ আনন্দেৰে
নিৰ্ল্লজ উল্লাসেৰে
পিন্ধি আছে দাসত্বৰ
স্বৰ্ন-মণিবন্ধ ;
স্বধৰ্ম্ম
তিয়াগি
যি---
পিন্ধি
কলুষিত শিৰস্ত্ৰাণ
সন্মানেৰে পিন্ধি অসন্মান
কুতৰ্কেৰে
ঢাকিছে ভীৰুতা
পাণ্ডিত্যেৰে
আৱৰা নীচতা
নিজৰ
স্বাৰ্থৰ বাবে
কৰে
নিজ জননীৰ
শত অপমান,
বিলাসৰ
বিনিময়ে
বিকি দিলে দেশৰ সন্মান,
ক্ষুধিতৰ,
দলিতৰ
জ্বলি অভিশাপ
হৈ যাওক সেইবোৰ
ধূলিৰ সমান ৷
সেই
ভ্ৰষ্ট
কুলাঙ্গাৰ
আৱৰ্জ্জনা পৰিষ্কাৰি,
কৰি দিম সুনিৰ্ম্মল দেশৰ বিমান
ন-জোৱান-ই-হিন্দ
মই
ভাৰত ন-জোৱান ৷
ময়ে
দুৰ্নিবাৰ
ভেদিছোঁ অন্ধকাৰ,
যুগে যুগে আহোঁ
নৱপ্ৰেৰণাৰে
ময়েই অৱতাৰ ৷
ৰামৰূপে
ময়ে
অসুৰবিনাশী ধৰিলোঁ ধনুৰ্ব্বাণ,
কৃষ্ণ
ৰূপেৰে বাঁহিটি বজালোঁ
মুহিলোঁ জগতপ্ৰাণ ৷
বুদ্ধ
ৰূপেৰে
নতুন জ্ঞানৰ পোহৰ কৰিলোঁ দান,
ময়েই
আকো সত্যাগ্ৰহেৰে
পৃথিৱী কৰিছোঁ কম্পমান
জগাই
তুলিছোঁ নৱ-জগতৰ আলোকমুগ্ধ প্ৰাণ ৷
নৱ-সভ্যতাৰ
যোগত বহিছোঁ
সুন্দৰৰ এক নতুন প্ৰকাশ
ময়েই কৰিছোঁ ধ্যান,
ন-জোৱান-ই-হিন্দ মই
ভাৰত ন-জোৱান ৷
শুনা,
শুনা
বিশ্ব-মানৱপুত্ৰ !
ভাগে
ভাগে ৰাখি যোৱা
নিজ নিজ বৈশিষ্ট্যৰ
সভ্যতাৰ
জীৱনৰ
বিকাশ-প্ৰকাশ যত সুচিত্ৰ-বিচিত্ৰ
তথাপিও হ’বা
মহামিত্ৰ
ইটোৱে সিটোৱে ৷
নৱ-পৃথিৱীৰ
এয়ে মিলন-মন্ত্ৰ
এইদৰে জীৱনৰ এয়ে হ’ব
সূত্ৰ !
আজি
এক হোৱা
যত মানৱ-সন্তান ৷
একেলগে
কথা কোৱা
গোৱা একে গান ;
একে
মন, একে মতি
হোৱা এক প্ৰাণ ৷
বিশলঝ
জুৰি জ্বলা আজি
মানৱ মঙ্গলমেধ
একে মন্ত্ৰ সমস্বৰে কৰা উচ্চাৰণ ;
এক হওক সঙ্ঘ আজি
এক চত্ত মন,
এক ইচ্ছা মাথোঁ এক
মহান জীৱন ৷
এয়ে
মোৰ ভাৰতৰ
বাণী সনাতন
প্ৰথম
পুৱাৰে পৰা
বাঁহীত বজাওঁ মই
এই এটি চিৰন্তন গান,
ন-জোৱান-ই-হিন্দ
মই
ভাৰত ন-জোৱান ৷
জগতৰ
ধৰ্ম্মে ধৰ্ম্মে
মোৰে বাণী বহু ৰূপে হ’ল
প্ৰচাৰিত,
মানৱৰ
আদৰ্শে আদৰ্শে
মোৰে চিন্তা হ’ল
মুকুলিত,
সংসাৰৰ
জ্ঞানে জ্ঞানে
বিজ্ঞানে বিজ্ঞানে
মোৰে বুদ্ধি-মেধা বিকশিত,
মানৱৰ
প্ৰাণে প্ৰাণে
মোৰ মহাপ্ৰাণ হ’ল
সদায়ে স্পন্দিত,
পৃথিৱীৰ
ভাব-ভাষা চিৰন্তন যত আশা
কাব্য কাহিনী যত
মোৰ সুৰ ৰাগেৰে ৰঞ্জিত ৷
আমি
কৰিব লাগিব
পৃথিৱী আলোকময়---
জ্ঞান-বিজ্ঞানৰ
সকলো ধৰ্ম্মৰ
নানা
আদৰ্শৰ
নানা বিভেদৰ
কৰিব লাগিব মহান সমন্বয়---
মহামহত্বৰ
বিৰোধী আসুৰী
সকলো শত্ৰু কৰিব লাগিব জয় ৷
এই
পৃথিৱীৰ
আনিব লাগিব মহত্বৰ মহাজয়,
কৰিব লাগিব গোটেই জগত
অমৃত আনন্দময় ৷
মানুহ
ফুলিব লাগিব
বিকশি
কৰিব
লাগিব বিশ্বখনকে
স্বৰ্গীয় সুৰভিময় ৷
জয়
হওক পোহৰৰ জয়
জয়
হওক মানৱৰ
মহত্বৰ---
আদৰ্শৰ জয়---
চিৰমঙ্গলৰ
চিৰকল্যাণৰ
জগতৰ
এই মহাবিকাশৰ
হওক যুগে যুগে জয়
চিৰসুন্দৰৰ জয় ৷
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ
কবিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
========================
No comments:
Post a Comment