অনুসন্ধান আকাংক্ষাত

Tuesday, January 22, 2013

ভূপেন হাজৰিকাদেৱৰ শেষ গীত আৰু কবিতা



ভূপেন হাজৰিকাদেৱৰ শেষ গীত আৰু কবিতা
(উৎস: আমাৰ অসম বাতৰি কাকত)

·        আকাশ সাৱটি নামিলোঁ সাগৰত (ভূপেন হাজৰিকাই লিখা শেষ গীতটো)
(ৰতিমোহন নাথ)
আমাৰ অসম ১৪ নবেম্বৰ সংখ্যাৰ প্রথম পৃষ্ঠাত উল্লেখ কৰা হৈছিল যে শব্দ আৰু সুৰৰ পৃথিৱীত/ ধেমালি কৰিলোঁ নানা মুদ্রাৰে শীৰ্ষক গীতটো ভূপেন হাজৰীকাই লিখা শেষ গীত ৷ এই গীতটো তেও্ঁ ৰচনা কৰিছিল ২০০৩ চনৰ ৬ মাৰ্চত, মুম্বাইৰ বাসভৱনত ৷ কিন্তু ইয়াৰ পিছতো ড৹ ভূপেন হাজৰিকাই লিখা  গীত ৰচনা কৰিছিল ৷ ২০০৭ চনৰ ২২ মাৰ্চত ড৹ হাজৰিকাই গীত সমগ্র নামৰ গ্রন্থৰ ৬৩ পৃষ্ঠাত আৰু ড৹ ভূপেন হাজৰিকাৰ ৰচনাৱলীৰ দ্বিতীয় খণ্ডৰ ১১৬০ পৃষ্ঠাত সন্নিৱিষ্ট হৈ আছে ৷
গুৱাহাটীৰ নিজৰাপাৰৰ ঘৰত ড: হাজৰিকাই লিখিছিল সেই গীতটো :-
আকাশ সাৱটি নামিলোঁ সাগৰত
বুকুত কঢ়িয়ালোঁ আগ্নেয়গিৰি ৷
শব্দৰ বৰষুণে ধৰিলে সাবটি
কন্ঠত সুৰৰ অনন্ত সুঁহুৰি ৷৷
অন্তহীন তৃষাৰে ঘুৰিলোঁ- ফুৰিলোঁ
খুলি দিলোঁ মোৰ জীৱন সঁফুৰা ৷
নাজানো এতিয়া স্মৃতিৰ নিজৰা ৷৷
নাজানো কিমাননো কান্দিলোঁ- হাঁহিলোঁ
সকলো এতিয়া স্মৃতিৰ নিজৰা ৷
প্রমৰ বন্যাই মই ধুৱালোঁ তোমাক
হে মোৰ মৰমৰ বিশ্লেষণদাতা ৷
আবেলিৰ বেলিত আহি দেখিলোঁ তোমাক
তুমি মোৰ হেঁপাহৰ জীৱনশ্রোতা ৷৷
(ৰতিমোহন নাথ ড: ভূপেন হাজৰিকা ৰচনাৱলীৰ কাৰ্যবাহী সম্পাদক)
*************

·        ড: হাজৰিকাৰ আৰু এটা গীতৰ বিষয়ে ...(গৌতম শৰ্মা)

আমাৰ অসম ১৪ নবেম্বৰ সংখ্যাৰ প্রথম পৃষ্ঠাত প্রকাশিত মই জীয়াই আছোঁ সময়ৰ আগে আগে শীৰ্ষক প্রতিবেদনত আমি চাৰিটা বিশেষ তথ্য উল্লেখ কৰিছিলোঁ-
(১) ড৹ ভূপেন হাজৰিকাৰ কন্ঠত শেষ অসমীয়া গীতটো (একেই আকাশ/ একেই মাটি/ একেই মেঘৰ বৃষ্টি/একেই ভোক/ একেই পিয়াহ/ একেই দুখৰ চকুপানী/পৰিচয় আমাৰ মানৱ জাতি..) বাণীবদ্ধ কৰা হৈছিল ২০১০ চনৰ ১১ নবেম্বৰত ৷ শাৰীৰিক অসুস্থতাৰ বাবে ষ্টুডিঅৰ পৰিৱৰ্তে ড: হাজৰিকাৰ নিজৰাপাৰৰ ঘৰতে তেওঁৰ কন্ঠৰ শেষ অসমীয়া গীতটো বাণীবদ্ধ কৰা হৈছিল ৷
(২) ভূপেন হাজৰিকাই শেষ অসমীয়া কবিতাটো ( এই চকু সেই চকু/সভ্য চকু অসভ্য চকু..) লিখিছিল ২০০৬ চনৰ ২৬ মেত- গুৱাহাটী জি এন আৰ চি হাস্পতালত ৷
৩) ভূপেন হাজৰিকাৰ কন্ঠত শেষ কবিতাটো- শুনাচোন মোৰ সোণ, সুৱদি সুৰীয়া/ লৰালি কালৰে সপোন সপোন যেন কথা / সোণৰ বৰণ যেন কথা ..) বাণিবদ্ধ কৰা হৈছিল ২০১০ চনৰ ১৩ নৱেম্বৰত, নিজৰাপাৰত ৷
(৪) ২০০৩ চনৰ ৬ মাৰ্চৰ দোকমোকালিতে শেষ অসমীয়া গীতটো ( শব্দ আৰু সুৰৰ পৃথিৱীত /ধেমালি কৰিলোঁ নানা মুদ্রাৰে ..) লিখিছিল মুম্বাইৰ বাসভৱনত ৷

***************

No comments: