সময়ৰ... অগ্ৰগতি...
পক্ষীৰাজ..ত উঠি
যাওঁ মই....
নতু..ন দিগন্ত..লৈ
হাঁহিমুখে..
হাঁহিমুখে....
জ্যোতি..ক শিৰত তুলি...
আহে দিন বাজে বীণ
নিৰাশা বিহীন
আহে বীণ বাজে বীণ
নিৰাশা বিহীন ..
নাই আক্ষেপ কোনো পোৱা নোপোৱাৰ
সমূখত পোহৰৰ জলন্ত জোৱাৰ ..!
সত্যক সাৰথি কৰি...
আহে দিন যায় দিন
বিৰাম বিহীন
আহে দিন যায় দিন
বিৰাম বিহীন ..!
উৰন্ত মনে মোৰ
নেমানে হেঙাৰ
হেঙাৰেই
কৰে মোক
মিঠা উপকাৰ !
সুন্দৰ.. সূৰ্য্য ধিয়াই...
নাচে মন নাচে প্ৰাণ
আশংকা বিহীন
নাচে মন নাচে প্ৰাণ
আশংকা বিহীন
জীৱন্ত সুৰে
মোৰ
তোলে ঝংকাৰ
গঢ়ি নব উৎস
গীতিকা গোৱাৰ.!
সময়ৰ.. অগ্ৰগতি...
পক্ষীৰাজত উঠি...
যাঁও মই...
নতু..ন দিগন্ত..লৈ...
হাঁহিমূখে...
হাঁহিমূখে.....
( কলকাতা ,১৯৬৮)
(ভূপেন হাজৰিকাদেৱৰ
কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
xundar....
ReplyDeleteThanks
ReplyDelete