[কথা:_ মোৰ বিপ্লৱী পুত্র যেতিয়া মৃতদেহৰ ৰূপত
ঘৰলৈ উভতি আহে, তেতিয়া চিতাৰ কাষত মই গৰ্ব্বিত পিতা ৰূপে নিচুকনি গীতহে গাব পাৰোঁ – ‘অকণ ঘৰলৈ আহিলে.....’ ]
গীত:-
অকণ ঘৰলৈ আহিলে
আমাৰ অকণ আহিলে
কেচাঁ তেজ ভৰা
ফুল শয়নত
কোনেনো সজায়ে
দিলে
অকণ ঘৰলৈ আহিলে
আমাৰ অকণ আহিলে !
কেচাঁ তেজ ভৰা ফুল শয়নত
কোনেনো সজায়ে দিলে
অকণ ঘৰলৈ আহিলে ৷
আমাৰ অকণে
কৈশোৰতে
বীৰৰ সপোন
দেখিলে
সংগ্রামৰে নেতা
হ’ব বুলি
বিপ্লৱী ক্ষণ
গণিলে..
অকণ শিঘ্রে ডাঙৰ
হ’ল
দেশলৈ কামলৈ ল’ৱৰি গ’ল
সীমান্তলৈ
কোনোবাই
হাত বাউলি মাতিলে
অকণ ঘৰলৈ আহিলে ৷
জয়ৰ তিলক আঁকি
সিদিনা
কৈছিলোঁ অকণক
পৰাজয়ৰ গ্লানিয়ে
তোক
পৰশ নকৰ....ক !
আমাৰ অকণ আহিলে
জয়ৰ মালা পিন্ধিলে
বুকু শীতলাব বুলি কৈছিলে
হিয়া দহিবলে
আহিলে !
অকণ ঘৰলৈ আহিলে ৷
হম্ হম্ কৰি
জ্বলিল যেতিয়া !
হম্ হম্ কৰি জ্বলিল যেতিয়া !
বীৰ অকণৰ চিতা
এনে ভাব হ’ল শত সেনানীৰ
মই গৰ্ব্বিত
পিতা !
হম্ হম্ কৰি জ্বলিল যেতিয়া !
হম্ হম্ কৰি জ্বলিল যেতিয়া !
বীৰ অকণৰ চিতা
এনে ভাব হ’ল শত সেনানীৰ
মই গৰ্ব্বিত পিতা !
চিতাৰ অগনি
জ্বলিলে
অকণ আমাৰ জিৰালে
এজাক অকণ জাগিব
আকৌ
অগনিয়ে সকীয়ালে
অকণ ঘৰলৈ আহিলে
আমাৰ অকণ আহিলে
চিতাৰ আগনি জ্বলিলে
আমাৰ অকণ জিৰালে
হেজাৰ অকণ জাগিব আকৌ
অগনিয়ে সকীয়ালে
অকণ ঘৰলৈ আহিলে
চিতাৰ আগনি জ্বলিলে
চিতাৰ আগনি জ্বলি...লে ৷৷
(ভূপেন
হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া
No comments:
Post a Comment