অনুসন্ধান আকাংক্ষাত

Thursday, February 8, 2018

শেৱালি ফুলৰ সুবাসে যেতিয়া

শেৱালি ফুলৰ সুবাসে যেতিয়া
শাৰদী সন্ধিয়া উপচি পৰে
শুকান শীতল মলয়া ছাটিয়ে
মন কিয় মোৰ উদাস কৰে
-
এই ৰূপালী, ৰূপালী জোনাকে
আঁকিলে মায়াবী ছবিটি
যাচিলে জোনালী হাঁহিটি
কিয় বাৰু এই ৰূপৰ ছবি
কুঁৱলীয়ে ঢাকি ধৰে
-
দূৰ আকাশৰ শুকুলা ডাৱৰে
সজালে মায়াবী নিশাটি
জনালে প্ৰাণৰে ভাষাটি
কিয় বাৰু সেই অবুজ ভাষাই
হৃদয় উতলা কৰে ।।
-
[কণ্ঠঃ- শান্তা উজীৰ; কথাঃ- হেমন্ত গোস্বামী]
[ইউনিক'ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া]

No comments: