অনুসন্ধান আকাংক্ষাত

Sunday, December 3, 2017

জীৱনে বিচাৰে কি

জীৱনে বিচাৰে কি
(অ অ অ
হৃদয়ত থকা নীল গভীৰতা
দুচকুত থকা নিবিৰ মমতা
তাকেই বিচাৰে কি....)←২
-
(নদীয়ে জানে সাগৰেই গতি
এই লহৰৰ
প্ৰাণ প্ৰবাহৰ
শিল ভাঙি যায়
কত আঘাতত)←২
যোৱাৰ প্রেৰণা থাকে ক'ত বাৰু..
মৰমে দিয়ে নেকি
জীৱনে বিচাৰে কি
-
(ঋতুৱে ঋতুৱে যি ফুলি উঠে
ফুল এটি ফুল
প্রভাত বনৰ
ফুলি উঠে জোন
ফাগুন বনত)←২
কিহৰ যাদুত কি পৰশত
হৃদয়ে জানে নেকি
জীৱনে বিচাৰে কি
অ অ অ
হৃদয়ত থকা নীল গভীৰতা
দুচকুত থকা নিবিৰ মমতা
তাকেই বিচাৰে কি ।।
-
কথাছবিঃ-                শ্ৰী মতী মহিমাময়ী
সংগীতঃ-                 কুল-অতুল
শিল্পীঃ-                    কুল বৰুৱা
-
[ইউনিক'ড ৰূপান্তৰঃ- মৃণাল গোস্বামী, এলিনা চহৰীয়া, অজন্তা শইকীয়া,]

No comments: