অনুসন্ধান আকাংক্ষাত

Thursday, August 24, 2017

হে মোৰ অসমী আই

হে মোৰ অসমী আই
তোমাৰ তুলনা নাই !
তোমাৰ বুকুতে মৰম বিচাৰি
আহিছিলে কত ভিন্ন জাতি,
নিস্বাৰ্থ ভাবে দিলা যে সবাকে
তোমাৰ বুকুতে ঠাই !
হে মোৰ অসমী আই
তোমাৰ তুলনা নাই !

জাতি উপজাতি হৈ একাকাৰ
গঢ়িল এখন পূণ্যভূমি ।
এই ধৰণীত অসম মাতৃ আমাৰ জন্মদাত্ৰী !
আমাৰ জন্মদাত্ৰী !
কত যুগ ধৰি চেনেহ যাঁচিলা,
কত যুগ ধৰি চেনেহ যাঁচিলা,
হিয়াখনি নিগৰাই !
হে মোৰ অসমী আই
তোমাৰ তুলনা নাই !

তোমাৰ বুকুতে জনম লভিলে
বীৰ, মহাজ্ঞানী কত মনিষী।
শঙ্কৰ আজানৰ বৰগীত জিকিৰে,
শংকৰ আজানৰ বৰগীত জিকিৰে
মিলনৰ সেঁতু বান্ধিছিলে !
মিলনৰ সেতু বান্ধিছিলে !
মৰমৰ ডোলেৰে বান্ধিলা সবাকে,
মৰমৰ ডোলেৰে বান্ধিলা সবাকে,
তোমাৰ বুকুতে আই !
হে মোৰ অসমী আই,
তোমাৰ তুলনা নাই !

যুগ যুগৰে সমন্বয়ৰ
এনাজৰী কিয় চিঙি যায় ?
আপোন মাতৃৰ বুকুত কোনেনো ভাঙোনৰ বীজ চটিয়াই !
ভাঙোনৰ বীজ চটিয়াই !
চিৰ চেনেহী সবাৰে জননী !
চিৰ চেনেহী সবাৰে জননী !
দিয়া ক্ৰোধ আঁতৰাই !

হে মোৰ অসমী আই,
তোমাৰ তুলনা নাই !
তোমাৰ বুকুতে মৰম বিচাৰি
আহিছিলে কত ভিন্ন জাতি !
নিস্বাৰ্থ ভাবেৰে দিলা যে সবাকে
তোমাৰ বুকুতে ঠাই !
হে মোৰ অসমী আই,
তোমাৰ তুলনা নাই !
-
ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰে নিগৰিত গীত 
কথা আৰু সুৰঃ       প্ৰনবি ৰাম বৰুৱা 
এলবামঃ-               আনন্দিতা
ইউনিক'ড ৰূপান্তৰঃ নীলাক্ষি দেৱী ডেকা 

No comments: