অনুসন্ধান আকাংক্ষাত

Friday, May 5, 2017

তোৰ কোলাতে জনম লভিলোঁ আই অ' আই



তোৰ কোলাতে জনম লভিলোঁ আই অ' আই

যিখনি দেশতে জীৱন বোলালোঁ

সেইখন দেশৰে ছবি মোহনীয়া

সদায়ে থাকিব বুকুতে সজোৱা আই অ' আই

আমাৰ সুৱাগী আই

তোৰ যে তুলনা নাই

তোৰ কোলাতে জনমে লভিলোঁ আই অ' আই

-

(মৰমী জলধী সাতুৰি নাদুৰি

মিলিজুলি উজলাওঁ

সমাজৰ পদূলি)

কীৰ্ত্তন বাইবেল কোৰাণ...

বুকুৰে থাপনাত থৈছোঁ সজাই

সাহসৰ বৰকাঁহ বজাই

' আই

সাহসৰ বৰকাঁহ বজাই

তোৰ কোলাতে জনমে লভিলোঁ আই অ' আই

যিখনি দেশতে জীৱন বোলালোঁ

সেইখন দেশৰে ছবি মোহনীয়া

-

এতিয়া কি হল সমৰ হ

(পোহৰৰে সেনানিয়ে

জিকিলেহি ৰণ )

সাগৰো মথিলে

অমৃতো ওলালে

মাণিকো জিকেমিকায়

কপৌয়ে ৰমলিয়ায়

কুলিয়ে উৰুলিয়ায়

আয়ে মোৰ নজীৱন পায়   ।।

-


[ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰে নিগৰিত গীত]
[ইউনিকড ৰূপান্তৰঃ- দিগন্ত শইকীয়া]

No comments: