Assamese Song:
Bisarilu hunor khoni
Album: Faguni
Singer: Sagarika
Boruah
Director:
Siva Prasad
Thakur
Music Director: Dr.
Upen Kakati
Year: 1978
বিচাৰিলোঁ ...
সোণৰ খনি
কেতেকীৰে পাহি
মৰমী...
-
বিচাৰিলোঁ সোণৰ
খনি
কেতেকীৰে পাহি
মৰমী
পিন্ধি ল’লো মায়াৰ মণি
বিজুলীৰে হাঁহি
মৰমী
-
ঘন ক’লা চুলিতে মোৰ
মেঘৰ ৰহণ
সানিলোঁ
মনটি নহয় ওঁঠতে মোৰ
জেতুকা
ৰং বোলালোঁ
পিন্ধি ল’লো মায়াৰ মণি
-
প্ৰকৃতিয়েই মাতৃহে
মোৰ
জীৱন শৰণ
তুলিলোঁ
ভাল পৰশ গীতৰ
সুৰে
আপোনটি পথ
উজাই ল’লো
বন্ধ ঘৰৰ দূৱাৰ
ভাঙি
লৱৰি
পলাওঁ
মৰমী
মুক্ত আকাশ
দিগন্ততে
সপোনটি
সজাওঁ
মৰমী..
-
সেউজীয়া বনৰ মাজত
জীৱন
হেৰুৱালোঁ
-
মুকলি আকাশৰ মায়া
আপোনটি
লুকালোঁ
বিচাৰিলোঁ সোণৰ খনি
কেতেকীৰে পাহি
মৰমী ।।
বোলছবি/এলবাম: ফাগুনী
গায়ক/গায়িকা: সাগৰিকা
বৰুৱা
পৰিচালকঃ শিৱ
প্ৰসাদ ঠাকুৰ
সংগীত পৰিচালক: ড°
উপেন কাকতি
(ইউনিক’ড ৰূপান্তৰ: মৃণাল গোস্বামী &
দিগন্ত শইকীয়া)
No comments:
Post a Comment