Assamese Song:
Agloti kolapat lore ki sore
Album: Faguni
Singer: Jayanta
Hazarika
Director:
Siva Prasad
Thakur
Music Director: Dr.
Upen Kakati
Year: 1978
আগলতি কলাপাত
ল'ৰে কি চৰে
চিলনী আই তোৰ
আগতে পৰে
ফাগুনী আই …
আই তোৰ নাই
(আগলি পাততে
কাউৰী পৰে)←২
-
(নেখাবি নেখাবি
অজাতি কাউৰী)←২
কলিজাই আমনি কৰে
নেবান্ধ নেবান্ধ
মুকলি চুলি
নিপিন্ধ নিপিন্ধ
সোণৰ কাণফুলি
-
বুকু তোৰ হম হম
কিয়নো কৰে
মনে তোৰ অমঙ্গল
কিয়নো ধৰে
আগলতি কলাপাত
ল’ৰে কি চৰে
-
বন্ধ সঁজাতে তোৰ
আয়েৰক মনতে পৰে
আই তোৰ
আয়েৰক
মনতে পৰে
এধানি হিয়াতে তোৰ …
দুখেই যে উছলি পৰে
(আই তোৰ
দুখেই যে
উছলি পৰে)←২
।।
বোলছবি/এলবাম: ফাগুনী
গায়ক/গায়িকা: জয়ন্ত
হাজৰিকা
পৰিচালকঃ শিৱ
প্ৰসাদ ঠাকুৰ
সংগীত পৰিচালক: ড°
উপেন কাকতি
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment