অনুসন্ধান আকাংক্ষাত

Thursday, September 29, 2016

আলি ঢাকি পৰিলে ( মৰম লগাই লগাই )

Assamese Song:    Morom Logai Logai
Album:                  Toramai
Singer:                   Dwipen Baruah 

Music Director:      Ramen Baruah
Year:                      1975

-
আলি ঢাকি পৰিলে
শালিকীনো চৰাইটি
পথাৰ ঢাকি ভৰিলে ধান
(অ’) কেতিয়াবা মইনাজান
এনেনো বেজাৰ লাগে
টেটু কাটি মৰিবৰ মন...
-
মৰম লগাই লগাই
চেনেহ লগাই লগাই
কি গতি কৰিলা
মোৰে ঐ মাজনী
কি ক'ম দুখৰ কাহিনী
ক'লে চকুপানী
দুগালে দুধাৰি
নিয়ঁৰ সৰাদি
সৰে অ' আইজনী …
-
কোনে আনি দিব
নৈৰে পানী টুপি
কোনে ৰান্ধি দি যাব ভাত
-
নৰিয়াত পৰিলে
মৰম লগাই লগাই
কোনে চায়ে যাব
চেনেহ লগাই লগাই
কোনে লগাই যাব
মাতে ঐ মাজনী
কি ক'ম দুখৰ কাহিনী
ক'লে চকুপানী
ওলায় ঐ আইজনী
-
তুমি মোৰ লাহৰী
প্ৰাণৰে পুটলী
তুমি মোৰ এন্ধাৰৰ চাকি
-
তুমি যে নহ’লে
মৰম লগাই লগাই
দিওঁতা নহ’ব
চেনেহ লগাই লগাই
ভোকত ভাত পিয়াহত
পানী ঐ মাজনী
কি ক'ম দুখৰ কাহিনী
ক'লে চকুপানী
ওলায় ঐ আইজনী
-
বিলত পানী নহ'লে
পদুম ফুল নুফুলে
কলিতে মৰহি যায়
-
অন্তৰত মৰম থাকিলে
মৰম লগাই লগাই
যাঁচিব নাজানিলে
চেনেহ লগাই লগাই
অন্তৰতে মৰহি
যায় অ’ মাজনী
কি ক’ম দুখৰ কাহিনী
ক'লে চকুপানী
ওলায় অ’ আইজনী  ।।
-

বোলছবি/এলবাম:         তৰামাই
গায়ক/গায়িকা:               দ্বিপেন বৰুৱা
সংগীত পৰিচালক:        ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ:      চামচুল হক, মৃণাল গোস্বামী & দিগন্ত শইকীয়া)

No comments: