অনুসন্ধান আকাংক্ষাত

Sunday, July 31, 2016

সোণৰ কাঁঠিৰ পৰশ পোৱা


সোণৰ কাঁঠিৰ পৰশ পোৱা

------

সোণৰ কাঁঠিৰ পৰশ পোৱা

আলফুলীয়া হাতেৰে...

কোনেনো ধুলিক সাৱটি লয়..

-

একেটি ঘৰৰ দুটি মানুহ

দুটি জীৱন গাঠা শুনা

এজুপি লতাৰ দুটি কলি

দুটি জীৱনৰ গাঠা শুনা


এজুপি লতাৰ দুটি কলি

এটিয়ে নিয়ৰৰ থাকে উমলি

আনটিয়ে নিয়ৰৰ টোপাল নাপাই

মাথোঁ খায় হাবাথুৰি

-
এটি জীৱনত নিতৌ হৰষ

কোনোবাই আনি দিয়ে সোণৰ পৰশ

-

আনটিৰ জীৱনৰ আজিৰ সমল

মাথোঁ বিচাৰে প্ৰেৰণাৰ

একেটি ঘৰৰ দুটি মানুহ

দুটি জীৱনৰ গাঠা শুনা

-

এটি জীৱনৰ চকৰি ঘূৰে

চিকিমিকি জেউতিৰ ৰহণ চৰে..

-

আনটি আশা ধূলিত বাগৰে

নাই তাত পোহৰৰ এটি কণা

একেটি ঘৰৰ দুটি মানুহ

-

এটিয়ে সৰগৰ হাততে পায়

সৰগৰ কুঁৱাৰে মোকে আমুৱায়

আনি দিব উভতাই কোনে বা তাত

আনটি জীৱনে হেৰুওৱা হাঁহি

সুন্দৰ সৰগৰ মধুৰ কণাই

একেটি ঘৰৰ দুটি মানুহ

দুটি জীৱন গাঠা শুনা

এজুপি লতাৰ দুটি কলি

দুটি জীৱনৰ গাঠা শুনা ৷৷

-

ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত
বোলছবি :- ধুমুহা
ইনিক’ড ৰূপান্তৰ :- দিগন্ত শইকীয়া


No comments: