Assamese Song: E Phool
Phoolibor Botor Ahil
Album: Bonoriya Phul
Singer: Nirmala Mishra
Music Director: Jayanta Hazarika
Director :- Atul
Bordoloi
Year: 1973
১ম নাৰী:- এ ফুল ফুলিবৰ বতৰে আহিল
এ বা ৰিবৰিব বতাহে বলিল
ৰ'দৰ কোলাত বাখৰ উমলিল
নিবিড় বনত পখিলা উৰিল...
অ’… মন পাহৰা বন ভোমোৰা
আন নাৰীসকল:- উঠা সাৰ পাই ←২
১ম নাৰী:- অ’ বন বননি বন নিজৰা
আন নাৰীসকল:- নাচা গীত গাই ←২
১ম নাৰী:- কোন দূৰণিৰ পাহাৰী পখীৰ
ৰিণিকি ৰিণিকি সুহুৰি আহিল
আন নাৰীসকল:- উগুলে থুগুল হৈ বিয়াকুল
আমাৰ লগৰীৰ মনটি কঁপিল..
-
১ম নাৰী:- নাই নাই নাই
নহয় পখিলা উৰিল
এ ফুল ফুলিবৰ বতৰে আহিল
এ বা ৰিবৰিব বতাহ বলিল..
এ বা ৰিবৰিব বতাহ বলিল..
এই মন যে উৰাৰ বতৰে আহিল
অ'.... বন হৰিণী নাযাৱ চিৎ দি
আন নাৰীসকল:- নাচা জপিয়াই ←২
১ম নাৰী:- অ'.... বন হৰিণী নাযাৱ চিৎ দি
আন নাৰীসকল:- নাচা জপিয়াই ←২
১ম নাৰী:- কোন দূৰণিৰ পাহাৰী পখীৰ
ৰিণিকি ৰিণিকি সুহুৰি আহিল
আন নাৰীসকল:- উগুলে থুগুল হৈ বিয়াকুল
আমাৰ লগৰীৰ মনটি কঁপিল..
উগুলে থুগুল হৈ বিয়াকুল [আ…. (আলাপ) ←১ম নাৰী]
আমাৰ লগৰীৰ মনটি কঁপিল.. [আ…. (আলাপ) ←১ম নাৰী]←৪ ৷৷
বোলছবি/এলবাম: বনৰীয়া
ফুল
গায়ক/গায়িকা: নিৰ্মলা
মিশ্ৰ
সংগীত
পৰিচালক: জয়ন্ত হাজৰিকা
ইউনিক'ড ৰূপান্তৰ :- মৃনাল গোস্বামী , অনুৰাধা বৰুৱা & দিগন্ত
শইকীয়া
No comments:
Post a Comment