অনুসন্ধান আকাংক্ষাত

Wednesday, February 18, 2015

ঝিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা


ঝিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা
নিৰ্জনতাই মনত পেলাই আইৰ কথা…
আইৰ কথাই জগাই মনত দীপৰ শিখা
দীপৰ শিখাত তুলসী তলৰ পৱিত্ৰতা
-
কোলাহলৰ চহৰখনিত ঝিলিয়াহী !
দুখৰ হিয়াত বজায় গভীৰ নিজান বাঁহী…
কোন জনমত অৰণ্যত কুটিল হাঁহি !
কাৰ বাবে মোৰ আদিম মনৰ ব্যকুলতা… !
-
ঝিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা
নিৰ্জনতাই মনত পেলাই আইৰ কথা…
আইৰ কথাই জগাই মনত দীপৰ শিখা
দীপৰ শিখাত তুলসী তলৰ পৱিত্ৰতা
-
-
অৰণ্যৰে এটি কোণত আমাৰ পঁজা !
-
পানীপোতাত জ্বলি আছে পখীৰ সঁজা
-
নিমাত নিতাল নিকাহ চোতাল ঘৰ.. !
ঝিলিৰ… মাতত ! আইৰ কাণত … আকুলতা… !!
-
ঝিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা
নিৰ্জনতাই মনত পেলাই আইৰ কথা…
আইৰ কথাই জগাই মনত দীপৰ শিখা
দীপৰ শিখাত তুলসী তলৰ পৱিত্ৰতা ৷৷



ইউনিক’ড ৰূপান্তৰ দিগন্ত শইকীয়া

No comments: