অনুসন্ধান আকাংক্ষাত

Friday, November 7, 2014

কলিকতাৰ দূপৰীয়া

কলিকতাৰ দূপৰীয়া


কলিকতাৰ তপত দূপৰীয়া !

শিতল পাটিত সানন্দা পঢ়ি

     বাগৰ দিয়া

শিতল পাটিত সানন্দা পঢ়ি

     বাগৰ দিয়া

জবা কুশুম শিক্ত

 ক'লা চুলি মেলা

   নাৰীৰ টোপনিখিনি

নিয়ম ভাঙি

    গুচি গৈছে

       কোনোবা পৰ-পুৰুষৰ সপোনলৈ ...


তাই অকলে কম্পিতা ৷

      
আৰু স্বামীয়ে

    ৰাইটাৰছ্‌ বিল্ডিঙত বহি

          কলম পেহিছে ,

আৰু স্বামীয়ে

    ৰাইটাৰছ্‌ বিল্ডিঙত বহি

          কলম পেহিছে ,

আগতে কথা দি থোৱা

    কোনোবা কৃষকৰ

    মাটিৰ দলিলৰ

    নকল থকা

        পুৰণি ফাইলটোত

           স্বামীৰ কলম কম্পমান ৷৷


[ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত কবিতা আবৃতি ]
[ ইউনিক'ড ৰূপান্তৰ :- দিগন্ত শইকীয়া ]

No comments: