অনুসন্ধান আকাংক্ষাত

Friday, November 7, 2014

টোপনি

টোপনি !

ওঁ ওঁ ওঁ ওঁ ওঁ

   ওঁ ওঁ ওঁ ওঁ ওঁ

ওঁ ওঁ ওঁ ওঁ ওঁ ওঁ

   ওঁ ওঁ ওঁ ওঁ ওঁ

ওঁ ওঁ ওঁ ওঁ ওঁ !

মা, তুমি গাইছিলা গান

   আমাৰে মইনা শুবএ

মা, তুমি গাইছিলা গান !

   আমাৰে মইনা শুবএ

সেই গান হ'ল শেষ তাহানিয়েই

          তাহানিয়েই

      টোপনি গ'লগৈ কেনি ?

ময়ো গালোঁ গান

মা, পিছে টোপনি অনাৰ নহয়

পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে
  
   অসংখ্যজনৰ হিয়া চুই চুই

    চন্দ্ৰ সূৰ্য্যৰ অহা যোৱাৰ গতি

নক্ষত্ৰৰে গীজ্‌ গীজ্‌ হাতীপতি !

উফৰি পৰা যৌৱন প্ৰীতিৰ

         উন্মত্ত প্ৰতিধ্বনিক  
 
    আঁজুৰি আঁজুৰি টোপনি অনা

          গীতকেইটিও

       ৰচিব নোৱাৰিলোঁ মা !

 মা, তুমি গাইছিলা গান...


 মা, তুমি গাইছিলা গান

     আমাৰে মইনা শুবএ

সেই গান হ'ল শেষ তাহানি

             তাহানিয়েই মা

টোপনি গ'লগৈ কেনি ?

       মোৰ টোপনি গ'লগৈ কেনি ...??


[ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত কবিতা আবৃতি]
[ ইউনিক'ড ৰূপান্তৰ :- দিগন্ত শইকীয়া]

No comments: