অনুসন্ধান আকাংক্ষাত

Friday, November 7, 2014

সময়

সময় !

সৰিছিল সময়

     মোৰ আঙুলিৰ ফাঁকেদি

সৰিছিল সময় মোৰ আঙুলিৰ ফাঁকেদি !

উৰিছিল সময়

      তাইৰ ৰঙা চকুৰ চাৱনিৰে

উৰিছিল সময় তাইৰ ৰঙা চকুৰ চাৱনিৰে ;

পথাৰত পৰি আছে

        এ কে ফৰ্টি চেভেন,

পথাৰত পৰি আছে এ কে ফৰ্টি চেভেন !

কিছু দূৰত সৌৱা

  বোকাত পোত খাই থকা

       মুখখন কাৰ ..?

 বোকাত পোত খাই থকা মুখখন কাৰ ..?

আমাৰ গাঁৱৰ সম্বৰ নহয়নে ?

সি শুইছে নেকি ?

পথাৰখনতো বিচনা নহয় ?!

পথাৰখনতো বিচনা নহয় ?!!


সময় নসৰে

সময় নুৰে
   
সময় মাথোঁ থমকিয়ায় ...

সময় নসৰে

সময় নুৰে
   
সময় মাথোঁ থমকিয়ায় .. ৷৷


[ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত কবিতা আবৃতি]
[ ইউনিক'ড ৰূপান্তৰ:- দিগন্ত শইকীয়া ]

No comments: