অনুসন্ধান আকাংক্ষাত

Wednesday, August 13, 2014

সত্যৰ আলোকৰে দিগন্ত উজলি

সত্যৰ আলোকৰে দিগন্ত উজলি
অহিংস শান্তিৰ বাণী প্ৰচাৰি মহান
সূৰুযৰ দৰে দীপ্তিমান
বজ্ৰমুঠিৰ বান্ধে তোমাক প্ৰনমিছোঁ
      পণ কৰি প্ৰাণ
      অ' মোৰ ভাৰতৰে বিজয় নিচান ৷

অগ্নিৰমন্ত্ৰেৰে আৰাধিলোঁ ইষ্টদেৱ
শক্তিৰ সন্তান আমি নোহোঁ আৰু কেও
অজেয় সৰৱদলী
      আত্মশক্তিমান
      লক্ষ্য মোৰ অব্যৰ্থ সন্ধান
      উৰ অ' মোৰ ভাৰতৰ বিজয় নিচান ৷



[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত]
[ইউনিক’ড ৰূপান্তৰ:  দিগন্ত শইকীয়া]

No comments: