মই
জানোঁ বহুদিনৰ আগয়ে
নদীখনে কথা কৈছিল
বিজুলিয়ে
আহি বুজি পালে
দুখৰ
প্ৰতিটো টুপাল
শব্দৰ দিগন্তৰ
বাহিৰত বিলীন হৈ যায়...
সি মৌনতাক আঁকোৱালি লয়
তাৰ
বুকুলৈ বিভিন্নজন আহিল..
সি
ধ্বংশৰ অৰ্থ বিচাৰি চালে
আৰু তাকেই ইতিহাস নাম দিলে..
ইতিহাস
ওচ বিনাস কা অৰ্থ ধুন্দে
অওৰ ওচে ইতিহাস নাম দিয়ে
আকৌ
কওঁ
দুখৰ টুপালবোৰ
টুপা-টুপে জমা হৈ
পাৰ ভাঙি বৈ যাব এদিন
এখন নেদেখা নদীৰ বুকুলৈ
এখন নেদেখা নদীৰ বুকুলৈ ..।।
[ভূপেন
হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত কবিতা আবৃত্তি]
[ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া]
No comments:
Post a Comment