অনুসন্ধান আকাংক্ষাত

Thursday, July 25, 2013

শ্বিলঙৰে গধূলি

শ্বিলঙৰে গধূলি

সপোন চহৰৰ মৰমী শৰতৰ

সোঁৱৰণি সোণালী

শ্বিলঙৰে গধূলি



ৰঙীন বজাৰৰ পাৰ হৈ হৈ

শুদাকৈ ভৰিৰে দূবৰি গছকি গৈ

সৰু সৰু জিৰি জিৰিয়া নিজৰাৰ পাৰতে

হাঁহি হাঁহি তুমিয়ে ময়ে সিদিনা

পৰিবযে খুজিছিলোঁ পিছলি

শ্বিলঙৰে গধূলি….



লাহে লাহে এন্ধাৰ হ’ল

দূৰণিৰ খাচী গাঁওখন

তুমি আৰু মই মিলি

দুয়োতেই হ’লোঁ মগন,

দুটি মন নিজৰা জলধি হৈ

ওখকৈ সৰলৰ বননি দিলে বুৰাই

যেন উৰি, উৰি উৰি উৰি ফুৰা জোনাকী পৰুৱাই

হাঁহি হাঁহি ৱ

আমি হেনো উটি ফুৰা দুটা মিঠা শৰতৰ শেৱালী

শ্বিলঙৰে গধূলি….




 
[ইউনিক’দ ৰূপান্তৰণ:  গীতাৰ্থ বৰদলৈ  আৰু জলি বৰা]

No comments: