অনুসন্ধান আকাংক্ষাত

Monday, September 3, 2012

ছিয়াঙৰে গালং






ছিয়াঙৰে গালং

লৌহিতৰে খামটি

টিৰাপৰে ৱাংঞ্চুৱে

মোক কিয় মাতিছে ?

অসমীৰে পদূলি



উদুলি যে মুদুলি

মৰম চেনেহৰে হাট বহিছে



আপাটানী ভনিটী

ধৰিলোঁ সাৱটি

পেছৰূপে নিলে মোক

আথে-বেথে মাতি

'লে আজি কিয় ৰঙৰে চকুলো সৰিছে ?



' পাহাৰৰে তলিতে

ভৈয়ামৰে সীমাতে

চিনাকি চিনাকি

কি সবাহ বহিছে ?



মনপা ককাইটি

ধৰিলোঁ সাৱটি

বিনিময়ত তেওঁ দিলে

পুত্ৰৰে মুৰুতি

'লে যুগ যুগৰ মিতিৰালিৰ

ধ্বজা উৰিছে

' বহুদিনে নেদেখা

পদম ইদু নক্টেই

আহ বুলি হিয়াৰে

আপং যাচিছে

একতাৰে বেহা কৰি ভাবিলো বহতো

উভতিয়ে চাই দেখো আহিছে সি ঁহটো

ৰিণিয়াই ক'লে মোক

কিছুবেলি ৰ'বি

উভতি গৈ তই অসমীকে ক'বি

আজি পাহাৰে ভৈয়ামৰে কলিজা চিনিছে

' চৰ্দুপ নৰ্দাং চাই

অঁকা আৰু বড়িয়ে

চেনেহ এনাজৰীৰে বাটি কাঢ়িছে



ছিয়াঙৰে গালং

লৌহিতৰে খামটি

টিৰাপৰে ৱাংছুৱে

মোক কিয় মাতিছে ?

অসমীৰে পদূলি

উদুলি যে মুদুলি

মৰম চেনেহৰে হাট বহিছে





(ইউনিক'ডীয় ৰূপান্তৰ -পংকজ বৰা)

No comments: