অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জোনে দি উমলাম তোকে হেৰ’ নাচনী (বিহু গীত)





জোনে দি উমলাম

তোকে হেৰ নাচনী

তোকে হেৰ নাচনী,

.....সৰু তৰাদৈ,

তৰাদি, তৰাদি, তৰাদি,

উমলাম তোক |

হে তাতো যদি নাচনী

নেনাচিব লাগিলে

নেনাচিব লাগিলে

.....সৰু তৰাদৈ,

আনি দিম, আনি দিম, আনি দিম

পাৰিজাত ফুল |    (২ বাৰ...ভূপেন হাজৰিকা ১,

                    ...পুৰুষ সমজুৱা ১)



সেই সাজে সুৱাব

তোকে হেৰ নাচনী,

তোকে হেৰ নাচনী       

.....সৰু তৰাদৈ,

কপৌ ফুল, কপৌ ফুল, কপৌ ফুল

আনি দিব পাৰোঁ |

হেই আৰু যদি নাচনী

গাম খাৰু এযোৰি,

গাম খাৰু এযোৰি

.....সৰু তৰাদৈ,

তাকে গ, তাকে গ, তাকে গ,

তাকে গঢ়াই দিব পাৰোঁ |   (...ভূ:হা:)



জোনে দি উমলাম

তোকে হেৰ নাচনী

তোকে হেৰ নাচনী,

.....সৰু তৰাদৈ,

তৰাদি, তৰাদি, তৰাদি,

উমলাম তোক |

হে তাতো যদি নাচনী

নেনাচিব লাগিলে

নেনাচিব লাগিলে         

.....সৰু তৰাদৈ,

আনি দিম, আনি দিম, আনি দিম

পাৰিজাত ফুল |          (...পু:সমজুৱা)  



গাখীৰৰ চুঙা দৈ দেহাজান, (...ভূপেন হাজৰিকা)

নেখাবি ৰহেদৈ দেহাজান,   (...মহানন্দ মজিন্দাৰ বৰুৱা)

গাখীৰৰ চুঙা দৈ দেহাজান,    (...ভূ:হা:)

নেখাবি ৰহেদৈ দেহাজান,     (...ম:ম:ব:)

শৰীৰত ছিটিকি

পৰে হে মোৰে চেনেহী ঐ,    (...ভূ:হা:)

ঘৰত আছে সোণাৰী ঐ,

গঢ়াই দিম ঐ, গঢ়াই দিম ঐ

সোণৰে কেৰু |           (...ভূ:হা:, ম:ম:ব:)



তোমাক ঐ লাহৰী দেহাজান,   (...ভূ:হা:)

এৰিম কেনে কৰি দেহাজান,   (...ম:ম:ব:)

তোমাক ঐ লাহৰী দেহাজান,   (...ভূ:হা:)

ঐ এৰিম কেনে কৰি দেহাজান,   (...ম:ম:ব:)

শোকে খুন্দা মাৰি                

ধৰে মোৰে চেনেহী ঐ,

ঘৰত আছে সোণাৰী ঐ,

গঢ়াই দিম ঐ, গঢ়াই দিম ঐ

সোণৰে কেৰু |           (...ভূ:হা:, ম:ম:ব:))



গাৰিকে চাফাংনে দেহাজান,    (...নাৰী)

দাদি মায়ে কলে দেহাজান,   (...২য় নাৰী)

গাৰিকে চাফাংনে দেহাজান,    (...নাৰী)

দাদি মায়ে কলে দেহাজান,   (...২য় নাৰী)

দেহাৰে তৰণি

নাইয়ে মোৰে চেনাইটি ঐ,

বুকুৰে ঐ পুৰণি ঐ,

বুকুৰে ঐ পুৰণি ঐ

কেনেকৈ কেনেকৈ সহিব পাৰোঁ !? (...নাৰী, ২য় নাৰী)



তোমাৰে কথাকে দেহাজান,  (...নাৰী ১)           

ভাবোঁতে-চিন্তোঁতে দেহাজান, (২য় নাৰী ১)

তোমাৰে কথাকে দেহাজান,  (...নাৰী ১)

ভাবোঁতে-চিন্তোঁতে দেহাজান,  (২য় নাৰী ১)

চকুতে টোপনি

নাইয়ে মোৰে চেনাইটি ঐ              

বুকুৰে ঐ পোৰণি ঐ,              

বুকিৰে ঐ পোৰণি ঐ               

কেনেকৈ কেনেকৈ

সহিব পাৰোঁ |        (...নাৰী, ২য় নাৰী)




(ইউনিক'ডীয় ৰূপান্তৰ - প্ৰাঞ্জল বড়া)             

No comments: